দিছপুৰত বিজেপিৰ বিৰুদ্ধে 'যুৱহুংকাৰ':প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ প্ৰতিবাদকাৰীক আটক

Pic

দিছপুৰত বিজেপিৰ বিৰুদ্ধে যুৱ হুংকাৰ:প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ প্ৰতিবাদকাৰীক আটক গুৱাহাটীৰ দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত মঙলবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে সাব্যস্ত কৰে 'যুৱহুংকাৰ' শীৰ্ষক কাৰ্যসূচী।নিবনুৱা সমস্যা সমাধানৰ দাবীৰে আৰু মূল্যবৃদ্ধি তথা কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে ৰূপায়ন কৰা যুৱহুংকাৰস্থলীত উপস্থিত থাকে প্ৰায় সহস্ৰাধিক যুৱ কংগ্ৰেছকর্মী।বিজেপি গ' বেগ, কংগ্ৰেছ জিন্দাবাদ, নৰেন্দ্ৰ মোডী হুচিয়াৰ ধ্বনিত উত্তাল হয় সমগ্ৰ পৰিৱেশ।

Pic

দিছপুৰৰ কাষতে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ সভাপতি শ্ৰীনিৱাসন,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন,সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, সাংসদ আব্দুল খালেক,প্ৰাক্তন সাংসদ আৰ পি শৰ্মা প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ বহু শীৰ্ষ নেতা উপস্থিত থাকে। যুৱহুংকাৰ কাৰ্যসূচীৰ অংশ হিচাপে যুৱ কংগ্ৰেছীসকলে প্ৰতিবাদী সমদল উলিয়াইছিল যদিও আৰক্ষীয়ে সমদলত বাধা আৰোপ কৰে।মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰাই আটক কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে প্ৰতিবাদকাৰীসকলক।

Your Comments