কা' বাতিল আৰু আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

Pic

*এজেৱাইচিপিৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখি এজেপিলৈ আমাৰ সহযোগিতা থাকিব-পলাশ চাংমাই*

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত সোমবাৰে ঘোষণা কৰিলে আন্দোলনৰ কাৰ্যসূচী। ৯ জানুৱাৰীত পৰিষদে চলিত বৰ্ষৰ প্ৰথমটো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।উক্ত দিনা প্ৰতিখন জিলা আৰু মহকুমাৰ সদৰত জিলা সমিতিয়ে 'গণ অৱস্থান ধৰ্মঘট' ৰূপায়ন কৰিব। ২০ জানুৱাৰীত ৰাজ্যৰ সকলো জিলা আৰু মহকুমাৰ সদৰত 'জোঁৰ সমদল' সাব্যস্ত কৰিব। ২৭ জানুৱাৰীত সমগ্র ৰাজ্যৰ জিলা আৰু মহকুমাৰ সদৰত প্ৰায় ৫০০ খন 'পথসভা' কাৰ্যসূচী ৰূপায়ণ কৰিব।সংবাদমেলত ঘোষণা কৰিলে পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে। যোৱা ২৭ আৰু ২৮ ডিচেম্বৰত গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হোৱা জাতীয় সংগঠনটোৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধিৰ সভাৰ সিদ্ধান্ত অনুসৰি আগন্তক বৰ্ষ দুটাত পৰিষদে কা' বাতিল, বৃহৎ নদীবান্ধ বন্ধ, ৰাজহুৱা মৃতপ্ৰায় উদ্যোগ পুনৰ জীৱিতকৰণ,সীমান্ত ছিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰাৰ দাবীত ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলি চাংমাইয়ে জানিবলৈ দিয়ে।উল্লেখ যে অধিৱেশনৰ প্ৰতিনিধি সভাই পুনৰ সভাপতি হিচাপে ৰাণাপ্ৰতাপ বৰুৱাক আৰু সম্পাদক হিচাপে পলাশ চাংমাইক দায়িত্ব অৰ্পণ কৰে। পৰিষদৰ গুৱাহাটীৰ চান্দমাৰিস্থিত মুখ্য কাৰ্যালয়ত সম্বোধন কৰা নতুন কেন্দ্ৰীয় সমিতিৰ প্ৰথমখন সংবাদমেলত পৰিষদৰ অন্যসকল নতুন কেন্দ্ৰীয় সমিতিৰ সদস্যক পৰিচয় কৰাই দিয়ে। এজেৱাইচিপি-আছুৰ উদ্যোগত জন্ম হোৱা নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ,এজেপিৰ প্ৰতি সংগঠনটোৰ সহযোগিতা থাকিব।কিন্তু এজেৱাইচিপিয়ে অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিব- চাংমাইয়ে লগতে কয়। সাম্প্ৰদায়িক বিজেপি, কংগ্ৰেছ এআইইউডিএফক উৎখাত কৰাৰ বাবে নৱগঠিত সকলো আঞ্চলিক শক্তিক ঐক্যবদ্ধ হোৱাৰো আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে। পৰিষদৰ প্ৰাক্তন বিষয়ববীয়াই এজেপি দলত যোগদান কৰি কম গুৰুত্ব লাভ কৰা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ সন্দৰ্ভত চাংমাইয়ে কয়-"পৰিষদৰ প্ৰাক্তন বিষয়ববীয়া আৰু এজেপি নেতৃত্বৰ সৈতে আলোচনা মাধ্যমত সমাধান কৰা হ'ব।যিহেতু আমাৰ লক্ষ্য আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰা।" সংবাদমেলত উপস্থিত থাকে সভাপতি ৰাণাপ্ৰতাপ বৰুৱা প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃবৃন্দ।

Your Comments