ৰাজ্যৰ চাহ উদ্যোগৰ বাবে ভাল খবৰ।দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপট হ'ব অসমৰ চাহ উদ্যোগ। দেশৰ উপৰিও বিশ্ববাসীৰ সন্মুখত অসমৰ চাহ উদ্যোগে প্ৰদৰ্শন কৰিব নিজৰ পৰিচয়। উল্লেখ যে এইবাৰৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিব বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে।
গুৰুত্বপূৰ্ণ যে পূৰ্বে মাজুলীৰ মুখা শিল্পই স্থান পাইছিল গণৰাজ্য দিৱসৰ পেৰেডত। তাৎপৰ্যপূৰ্ণ যে দেশৰ মুঠ চাহ উৎপাদনৰ ৫২শতাংশ উৎপাদন হয় অসমত।বিশ্বৰ বিভিন্ন বজাৰত অসমৰ চাহে লাভ কৰিছে ব্যাপক সমাদৰ।
- Log in to post comments
- 13 views