ইংৰাজী নৱবর্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীক শুভেচ্ছা অগপ নেতৃত্বৰ।গুৱাহাটীৰ আমবাৰী মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাই আগন্তুক দিনত অসম গণ পৰিষদে জাতিৰ হকে কাম কৰি যাব বুলি কয়।
শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা অগপ দলে জাতিৰ বাবে সদায় কাম কৰিব বুলি তেওঁ মন্তব্য কৰে। নতুন বর্ষত ৰাইজৰ পৰা সহযোগ বিচাৰি বৰাই কয়-"আঞ্চলিকতাবাদী ভেঁটি শক্তিশালী কৰিবলৈ অসম গণ পৰিষদক শক্তিশালী কৰিব লাগিব।জাতিৰ বিৰুদ্ধে কোনো কথাত কম্প্ৰমাইজ নকৰে অগপই।" নতুন বর্ষত অগপ দলত বিভিন্ন ক্ষেত্ৰৰ বহু ব্যক্তিয়ে যোগদান কৰিব।'২১ৰ নিৰ্বাচনত বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰে আগবাঢ়িব বুলি সভাপতি বৰাই কয়।
সাংবাদিকৰে বার্তালাপ অনুষ্ঠানত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰী, মুখপাত্ৰ মনোজ শইকীয়া, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই, ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাকে ধৰি দলটোৰ বহু সদস্য উপস্থিত থাকে।
- Log in to post comments
- 12 views