বুধবাৰৰ পৰা অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা।চান্দমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত ১১দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখ যে দুটা বছৰৰ মূৰত অনুষ্ঠিত হৈছে এইবাৰ গ্ৰন্থমেলা।গ্ৰন্থমেলাত ১১৭খনকৈ বিপনীয়ে অংশগ্ৰহণ কৰিব।অসমৰ লগতে দিল্লী, শকলকাতা আৰু বাংলাদেশৰ প্ৰকাশন গোষ্ঠীয়ে ভাগ ল'ব গ্ৰন্থমেলাত।সংবাদমেল যোগে এই কথা জনালে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।
গুৰুত্বপূৰ্ণ যে অসম প্ৰকাশন পৰিষদৰ বাৰখনকৈ নিৰ্বাচিত গ্ৰন্থৰ উন্মোচন কৰা হ'ব উদ্বোধনী অনুষ্ঠানত।বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্ৰথিতযশা সাহিত্যিক য়েছে দৰজে ঠংচি। প্ৰায় ৫০ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে গ্ৰন্থমেলাখনত। আনহাতে,এইবাৰৰ গ্ৰন্থমেলাত দুটা বৰ্ষ সামৰি প্ৰদান কৰা হ'ব জীৱন জোৰা সাধনা বঁটা।২০১৯ বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ জীৱন জোৰা সাধনা বঁটা আগবঢ়াব সাহিত্যক,বুৰঞ্জীবিদ থানেশ্বৰ শৰ্মালৈ।লগতে ২০২০ বর্ষৰ জীৱন জোৰা সাধনা বঁটা আগবঢ়াব সাহিত্যচাৰ্য,ভাষাবিদ ৰমেশ পাঠকক।
উল্লেখ যে গ্ৰন্থপ্ৰেমীৰ বাবে প্ৰৱেশ বিনামূলীয়া হ'ব গুৱাহাটী গ্ৰন্থমেলাৰ।জনালে আয়োজক সমিতিয়ে।
- Log in to post comments
- 12 views