দেওবাৰে গুৱাহাটীত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।নিবনুৱা সমস্যা সমাধানৰ বাবে প্ৰতিজন কৰ্মঠ আৰু অর্হতাসম্পন্ন নিবনুৱাক উপাৰ্জনৰ পথ মুকলি নোহোৱালৈ মাহে ৫ হাজাৰ টকাকৈ অৰ্থনৈতিক সাহায্য চৰকাৰত আহিলে প্ৰদান কৰাৰ লগতে আৰ্থিকভাৱে অধিক দুৰ্বলসকলক মাহে দহ হাজাৰ টকাকৈ আগবঢ়াব এজেপি দলে।প্ৰাগ কন্টিনেণ্টেলত সংবাদমেল যোগে ঘোষণা এজেপি সভাপতি লুৰীণজ্যোতি গগৈৰ। কৰ্মৰ জড়িয়তে সমাজৰ প্ৰতিজন ব্যক্তিক আগবঢ়াই নিয়াৰ লক্ষ্যৰে -"ঘৰে ঘৰে আমি, ঘৰে ঘৰে উপাৰ্জন" অৰ্থনৈতিক মন্ত্ৰ লৈ আগবাঢ়িব এজেপি। কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মতে বিজেপি চৰকাৰৰ সমষ্টি উন্নয়নৰ প্ৰকৃত ছবি ৰাইজৰ আগত তুলি ধৰাৰ বাবে এজেপি দলে সমষ্টিৰ ভিত্তিত আৰম্ভ কৰিব উন্নয়নৰ খতিয়ান গ্ৰহণ কৰা অভিযান।শীঘ্ৰে কাৰ্যসূচীৰ দিন ঘোষণা কৰা হ'ব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ।২০২১ৰ নিৰ্বাচনত বিজেপি দলত উৎখাৎ কৰাৰ বাবে অসমৰ জাতীয়, জনগোষ্ঠীয় ৰাজনৈতিক শক্তি আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক শক্তিৰ লগত সংযোজিত নোহোৱা সমভাৱাপন্ন দলসমূহৰ লগত ঐক্যবদ্ধ হৈ যুঁঁজ দিয়াৰ বাবে সভাপতিক কৰ্তৃত্ব প্ৰদান অপৰ্ণ কৰা বুলি জানিবলৈ দিয়ে লুৰীণে।২০২০ বৰ্ষৰ অসমৰ জাতীয় জীৱনৰ বাবে ভয়াৱহ লগতে কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছিল৷ অন্ধকাৰৰ দিশে ঠেলি দিয়া হৈছিল অসমৰ ছাত্ৰ-ছাত্ৰীক৷ নিৰাশাৰ বৰ্ষ আছিল ২০২০৷কিন্তু ২০২১ বৰ্ষ হ'ব অসমৰ জাতীয় জীৱনৰ আশাৰ বৰ্ষ।লগতে তেওঁ কয়।
নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' সন্দৰ্ভত এজেপিৰ স্থিতি স্পষ্ট। কোনো কাৰণতে কা' বলৱৎ হ’বলৈ দিয়া নহব।চৰকাৰ গঠন কৰি বিধানসভাত গ্ৰহণ কৰা হ'ব প্ৰস্তাৱ।অসমৰ মাটি সুৰক্ষিত কৰিবৰ বাবে ব্যৱস্থা লোৱাৰ লগতে বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ বিজ্ঞানসন্মতভাবে ব্যৱস্থা লোৱা হ'ব।সভাপতি গগৈয়ে কয়। ইফালে,বিজেপি-এআইইউডিএফ দলৰ ভিতৰি বুজা-বুজি থকা বুলি বিস্ফোৰক অভিযোগ তুলি গগৈয়ে কয়-"বিজেপি-এআইইউডিএফ দল লগ হৈ দুখন জিলা পৰিষদ বৰ্তমান সময়ত চলাই আছে৷কা'ৰ বিৰুদ্ধে সংসদত ভোটৰ সময়ত আজমলে বিজেপিৰে আলোচনা কৰি বাহিৰলৈ ওলাই আহিছিল।সভ্যতাৰ যুঁঁজৰ কথা কৈ মানুহক বিভ্ৰান্ত কৰিবলৈ বিচৰা হৈছে। প্ৰতাৰিত অসমৰ জনতাই আজিৰ দিনটোৰ পৰা অধিকাৰ সাব্যস্ত কৰাৰ দিন আৰম্ভ হৈছে।
উল্লেখ যে সংবাদমেলত এজেপিৰ কাৰ্যকৰী সভাপতি পবিন্দ্র ডেকা, সম্পাদক জগদীশ ভূঞা আৰু উপ- সভাপতি অদীপ কুমাৰ ফুকন উপস্থিত থাকে।
- Log in to post comments
- 50 views