প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদে যোগদান যোগদান কৰিব এজেপিত

Pic

*২০২১ৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ মহাসাগৰত অকলে সাতুৰি থাকিব ৰিপুন,ৰকিবুলে-দুলু আহমেদ* দলীয় অনুশাসন ভংগ কৰি কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত দুলু আহমেদে অস্তিত্ব ৰক্ষাৰ বাবে শৰনাপন্ন হ'ব অসম জাতীয় পৰিষদত।অহা ৩ জানুৱাৰীত হাজোত আনুষ্ঠানিকভাৱে যোগদান এজেপিত। কংগ্ৰেছৰ বেয়া দিন দেখি ৰাষ্ট্ৰীয় দলৰ পৰা মোহ ভংগ ঘটি আঞ্চলিক শিবিৰলৈ ঢাপলি মেলিছে দুলু আহমেদে।এতিয়া কংগ্ৰেছৰে সমালোচনাত সৰৱ দুলু।"কংগ্ৰেছ আজি বহুধাবিভক্ত।নেতৃত্বহীনতাত প্ৰদেশ কংগ্ৰেছ।'২১ ৰ নিৰ্বাচনত ধৰাশায়ী হ'ব কংগ্ৰেছ।যিকেইজন বিধায়ক জিকি আহিব,সেইকেইজন চামিল হ'ব বিজেপি দলত।"দেওবাৰে গুৱাহাটী হোটেল প্লাজা ইনত আয়োজন কৰা এক সংবাদমেলত এইদৰে একালৰ ৰাজনৈতিক গুৰুসকলৰ বিৰুদ্ধে সৰৱ হয় বহিষ্কৃত কংগ্ৰেছী নেতাগৰাকী। উল্লেখ যে আঞ্চলিক শিবিৰ চমকপ্ৰদ উত্থান দেখি ক্ৰমান্বয়ে আঞ্চলিক শিবিৰলৈ আগমন ঘটিছে বিভিন্ন দল-সংগঠনৰ নেতা পালি-নেতাৰ।ব্যতিক্ৰম নহ’ল দুলু।কংগ্ৰেছত সান্দহ খোৱা বালি তল যোৱাত এতিয়া আঞ্চলিকতাবাদৰ বসন পৰিধান কৰিবলৈ গৈ আছে ৰাষ্ট্ৰীয়বাদী নেতাগৰাকীয়ে। গুৰুত্বপূৰ্ণযে কংগ্ৰেছত থাকি দলীয় টিকট লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ ভয়ত আঞ্চলিক শিবিৰৰ শৰণাপন্ন হৈছে দুলুৱে।আহমেদৰ লক্ষ্য ২০২১ বিধানসভা নিৰ্বাচন।দেওবাৰ সংবাদমেলত যেন সেয়াই উন্মোচিত হল আহমেদৰ মন্তৱ্যত। কংগ্ৰেছ নেতৃত্ব ৰিপুন বৰাক সমালোচনা কৰি আহমেদে কয়- ২১ৰ নিৰ্বাচনত আমানত ধন হেৰুৱাব বৰাই।গহপুৰ সমষ্টিত অধিক ভোটত পৰাজিত হ'ব তেওঁ। কংগ্ৰেছ দল মহাসাগৰ বুলি কোৱা ৰিপুন বৰাৎ মন্তৱ্য আঁতধৰি দুলুৱে কয়-"২১ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলৰ মহাসাগৰত ৰিপুন বৰা আৰু ৰকিবুল হুছেইনে অকলে সাঁতুৰিব লাগিব।উজনি এখন আসনতো জয়ী হ'বলৈ নোৱাৰে কংগ্ৰেছ দল।" ইফালে,এজেপি দলত যোগদানৰ পিছত সভাপতি লুৰীনজ্যোতি গগৈয়ে যি দায়িত্ব দিবসেই দায়িত্ব সন্মান সহকাৰে মূৰ পাতি ল'ব বুলি উল্লেখ কৰে দুলুৱে।

Your Comments