'এজেপি'য়ে এখন আসন পালে ৰঞ্জিত দাসে মাটি-ভেটি বিক্ৰী নহয়,ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কওঁক-লুৰীণজ্যোতি গগৈ

Lurinjyoti

*মোৰ দেহত আঞ্চলিকতাবাদ আছে নাই প্ৰমাণ লাগিলে,অতুল বৰাই DNA টেষ্ট কৰক- পবিন্দ্র ডেকা*

অসম জাতীয় পৰিষদে নিৰ্বাচনত এখন আসনত জয়ী হ'লে বিজেপি সভাপতি ৰঞ্জিত দাসে মাটি-ভেটি বিক্ৰী কৰি দিম বুলি কৰা টুলুঙা মন্তব্যক উভতি ধৰিলে এজেপি সভাপতি লুৰীণজ্যোতি গগৈয়ে।"মাটি-ভেটি বিক্ৰী কৰিম বুলি তেওঁ ঠিকেই ক'লে কিন্তু ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি ক'বলৈ সাহস নহ'ল।গণতান্ত্ৰিক ব্যৱস্থাত ক'ব পাৰিব লাগিছিল এখন আসনত জয়ী হ'লে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো বুলি।মন্তব্যত তেওঁলোকৰ ভোগবাদী মানসিকতাৰ প্রতিফলন ঘটিছে,লগতে ৰাজহুৱা জীৱনৰ প্ৰতি থকা দায়বদ্ধতা-শ্ৰদ্ধাৰ অভাৱ হৈছে"-গগৈয়ে কয়।

গণতন্ত্ৰত কোন জনপ্ৰতিনিধি বিধানসভালৈ যাব ৰাইজে সিদ্ধান্ত ল'ব।ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে '২১ত জাতীয়তাবাদৰ চৰকাৰ হ'ব,সেইটো নিশ্চিত।কোনো শক্তিয়ে এজেপিক বাধা দিব নোৱাৰে বুলি উল্লেখ কৰি গগৈয়ে কয়- "ইমান অত্যাচাৰ কৰাৰ পিছত, জাতিসত্তাক ধ্বংসৰ বাবে উঠি-পৰি লাগি জাতিধ্বংসী আইন জাপি দিয়াৰ পিছত ভাষা-সংস্কৃতিৰ কৃষ্টি নিঃশেষ কৰাৰ চেষ্টা চলাই থকাৰ পিছত অসমৰ জনতাই এনেধৰণৰ শক্তিক উৎখাত কৰাৎ সিদ্ধান্ত লৈছে।'২১ৰ এপ্ৰিল-মে'ত জাতীয়তাবাদী এজেপি চৰকাৰ।

আনহাতে,এজেপিৰ কাৰ্যকৰী সভাপতি পবিন্দ্র ডেকাৰ গাত আঞ্চলিকতাবাদ নাই বুলি অগপ সভাপতি অতুল বৰাই কৰা সমালোচনাক কটাক্ষ কৰি প্ৰাক্তন অগপ নেতাগৰাকীয়ে কয়- "মোৰ গাত আঞ্চলিকতাবাদ আছে নাই তাৰ বাবে অতুল বৰাই DNA টেষ্ট কৰক।"

বৃহস্পতিবাৰে এজেপিৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত যোগদান কৰে বহুকেইজন নতুন সদস্যই।প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে,ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাস, পৰিবহণ বিভাগৰ সচিব বিপুল পাঠক,উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক মকবুল হুছেইনে।

ইয়াৰ উপৰিও বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি হেমাংগ নাথ আৰু সন্দিকৈ কলেজৰ ক্ৰীড়া  সম্পাদিকা পায়ল দাসে সভাপতি গগৈৰ উপস্থিতিত দলত যোগদান কৰে।

Your Comments