"ন্যায্য দিয়ক,অন্যথা নিৰ্বাচনৰ কৰ্তব্য বৰ্জন কৰিম"-সোণোৱালৰ গৃহ বিভাগৰ গৃহৰক্ষী জোৱান

Pic

ন্যায্য প্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিক ধৰ্ণাত বহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ খাকী পোছাকধাৰী।বুধবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলী কঁপালে প্ৰায় ৫ শতাধিক সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক জোৱানে। গৃহৰক্ষী জোৱানৰ দীৰ্ঘদিনীয়া দাবীৰ সমাধান বিচাৰি সাব্যস্ত কৰা ধৰ্ণা কাৰ্যসূচীৰ পৰা অসম চৰকাৰক সকীয়নী প্ৰদান কৰি কয়-'২১ৰ নিৰ্বাচনৰ পূৰ্বে ন্যায্য দাবীসমূহ সমাধান নহ'লে ২৭হাজাৰ প্ৰশিক্ষণপ্ৰাপ্ত জোৱানে নিৰ্বাচনত কৰ্তব্যৰপৰা বিৰত থকাৰ লগতে নিৰ্বাচনত ভোট বৰ্জন কৰিব পৰিয়ালে।"

উল্লেখ যে তেওঁলোকৰ দাবীসমূহ হৈছে দৈনিক মজুৰি ৩০০ টকাৰ পৰা বৃদ্ধি কৰিব লাগে। ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইন সংশোধন কৰি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। ইয়াৰ উপৰিও মহিলা গৃহৰক্ষী জোৱানসকলক ঋতুকালীন অৱস্থাত কৰ্তব্যৰ পৰা ৰেহাই প্ৰদান কৰিব লাগে। গৃহৰক্ষী জোৱানসকলক অনলাইন সেৱাযোগে কৰ্তব্যত মকৰল কৰা প্ৰক্ৰিয়াটো অপেন লাইন কৰাৰ লগতে জোৱানৰ সুবিধাৰ্থে পাছৱৰ্ড আৰু ৱেবচাইট মুকলি কৰিব লাগে।অন্যথা এই প্ৰক্ৰিয়া বন্ধ কৰিব লাগে।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত গৃহৰক্ষী জোৱানসকলে তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে।

Your Comments