"'টাইপা'ৰ বহিষ্কৃত নেতাই মৰাণত কেন্দ্ৰীয় অধিৱেশনৰ আয়োজন কৰিছে,সেয়া অবৈধ"

Pic

"টাই আহোম যুৱ পৰিষদ,টাইপাৰ নাম লৈ সংগঠনৰ পৰা বহিষ্কৃত একাংশই মৰাণত ২৬, ২৭ আৰু ২৮ ডিচেম্বত অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় অধিৱেশন। অধিৱেশনক দিলীপ গগৈ নেতৃত্বত থকা টাই আহোম যুৱ পৰিষদে গৰিহণা প্ৰদান কৰিছোঁ"-এই বক্তব্য 'টাইপা'ৰ যুটীয়া সম্পাদক দ্বীপজ্যোতি দুৱৰাৰ। বুধবাৰে সংবাদমাধ্যমক সম্বোধন কৰি যুটীয়া সম্পাদকগৰাকীয়ে কয়-"মৰাণত অনুষ্ঠিত হ'ব লগা অধিৱেশনখন টাইপাৰ কেন্দ্ৰীয় অধিৱেশন নহয়।সংগঠনৰ পৰা বহিষ্কৃত একাংশই টাইপাৰ নামত পেৰেলেল সংগঠন খুলি ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে।" "মৰাণত অধিৱেশখন বহিষ্কৃত নেতা ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁইয়ে সম্পাদকৰ দায়িত্ব লৈ অবৈধভাৱে পাতিছে।লগত আছে অজিত দেওঘৰীয়া, বিজয় ৰাজকোঁৱৰ, শিক্ষক হৰেন ফুকন আদিকে ধৰি একাংশ"- দুৱৰাই কয়। ৰাইজক আহ্বান জনায় দুৱৰাই কয়-"টাই আহোম যুৱ পৰিষদ শক্তিশালী সংগঠন হৈ আছিল, আছে আৰু ভৱিষ্যতৰ দিনতো হৈ থাকিব।"

Your Comments