*চৰিত্ৰ হেৰাল অগপৰ:মোগলৰূপী মোডী-শ্বাহৰ অসম আক্ৰমণত হাত মিলাইছে-পবিন্দ্র ডেকা*
*মুখ্যমন্ত্ৰী সোণোৱালে লাচিত হ'ব পৰা নাই,কিন্তু পুৰুষ হ'বলৈ চেষ্টা কৰক-জগদীশ ভূঞা*
সাম্প্ৰদায়িক শক্তিক প্ৰত্যুত্তৰ দিয়া ২০২১ৰ এপ্ৰিল-মে' মাহ যথোচিত সময়।আন্ধাৰুবালিত সম্বৰ্ধনা গ্ৰহণ কৰি অসমবাসীলৈ মুকলি আহ্বান অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। এজেপি দল অসম ৰাইজৰ সন্তান।লালন-পালনৰ দায়িত্ব অসমবাসীৰ।সামূহিক ঐক্যবদ্ধতাৰে জাতি শত্ৰু সাম্প্ৰদায়িক শক্তিক উৎখাত কৰা আহ্বান জনাই সভাপতিগৰাকীয়ে কয়-"আগন্তক দিনত সাম্প্ৰদায়িক ৰাজনীতিৰ উৰ্ধত অসমৰ জনতাক লগত লৈ ভিজন ডকুমেণ্ট প্ৰকাশ কৰিব এজেপিয়ে।ৰাইজ উন্নয়নৰ চিন্তাত যাব।বিশ্বাস-আস্থা মাজেদি আগবাঢ়িব দল।" "অসমীয়া জাতিক ৮৩০টকাৰে প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে।কংগ্ৰেছৰ সূতা-কম্বল বিজেপিৰ ৮৩০টকা।আদৰ্শগত- নীতিগত কোনো পাৰ্থক্য নাই।সমাজ জীৱনক দুখীয়া কৰাৰ এয়া প্ৰচেষ্টা"-লুৰীনে কয়। অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিম।লাচিতৰ প্ৰতিমূৰ্তিক সন্মুখত লৈ এইখন অসমত জাতীয়তাবাদৰ বৰভেটিৰে অসমৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰি ভাষা-কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ বাবে এজেপি বদ্ধপৰিকৰ বুলি উল্লেখ কৰি লুৰীনে কয়- "সাম্প্ৰদায়ীকতাবাদী ৰাজনীতিক এইখন অসমত প্ৰশ্ৰয় দিয়া নহ'ব।" অসম ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়িব বুলি লুৰীনে কয়। আনহাতে এজেপিৰ উপ-সভাপতি পবিন্দ্র ডেকাই অসম গণ পৰিষদ দলক কটাক্ষ কৰি কয়-"চৰিত্ৰ হেৰুৱালে অগপই।মোগলৰূপী মোডী-শ্বাহৰ অসম আক্ৰমণত হাত মিলাইছে।" কাৰ্যসূচীত থাকি এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি কয়-"লাচিত হ'ব পৰা নাই নালাগে,কিন্তু পুৰুষ হ'বলৈ চেষ্টা কৰক।ৰামসিংহৰ বিৰুদ্ধে এয়া এজেপিৰ যুদ্ধ।"
- Log in to post comments
- 12 views