মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত কৰা হয় ৰাজ্যিক কেবিনেট।বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
দেৱনাগৰী লিপিত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে প্ৰৱৰ্তন কৰাৰ বাবে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক উত্থাপন কৰাত অনুমোদন।
সমাজ কল্যাণ সঞ্চালকালয়ক দ্বি-বিভক্ত কৰি মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় গঠনত অনুমোদন।
আৰআইডিএফ অধীনত নাবাৰ্ডৰ পৰা ৯১ কোটি ঋণ লোৱা সিদ্ধান্ত আৰু অনুমোদন।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীৰ চাকৰি কার্যকাল ৬০ বছৰলৈ বৃদ্ধি।লগতে আৰ্জিত ছুটিত অনুমোদন।
ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত লাইব্ৰেৰীয়ান পদ প্ৰাদেশীকৰণৰ বিধেয়ক উত্থাপনত অনুমোদন।
কমতাপুৰ স্বায়ত্ব পৰিষদ, মটক স্বায়ত্ব পৰিষদ, মৰাণ স্বায়ত্ব পৰিষদৰ আইন সংশোধনীৰ লগতে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদ গঠনত অনুমোদন।
কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয় আৰু অসম সত্ৰীয়া সংগীত মহাবিদ্যালয় যোৰহাটৰ চৰকাৰীকৰণত অনুমোদন।
উল্লেখ যে মন্ত্ৰী পৰিষদৰ বৈঠকৰ সিদ্ধান্তসমূহ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
- Log in to post comments
- 55 views