মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিক অস্ত্ৰ সম্বৰণ আলফা(স্বা) উপ-সেনাধক্ষ দৃষ্টি ৰাজখোৱাৰ।৩০ বছৰীয়া সশস্ত্ৰ সংগ্রাম ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি অহা আলফা(স্বা)ৰ জ্যেষ্ঠ সদস্যগৰাকীৰ পৰা অস্ত্ৰ গ্ৰহণ কৰি সুস্থ-সবল সমাজ গঠনত অংশীদাৰ হোৱাৰ বাবে আদৰণি জনাই মুখ্যমন্ত্ৰী সোণোৱালে। অস্ত্ৰ সম্বৰণ কৰি ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত কয়-"মূল সুঁতিলৈ ঘূৰি আহি ভাল লাগিছে।অসম চৰকাৰ তথা পুলিচে প্ৰথমৰ পৰা যি ব্যৱস্থাৎ মাজত ৰাখিছে তাত সুখী"।
কি পৰিস্থিতিত পৰি মূলসুঁতিলৈ ঘূৰি আহিব লগা হ'ল বুলি সাংবাদিকে কৰা প্ৰশ্নত জ্যেষ্ঠ আলফা(স্বা) সদস্যগৰাকীয়ে কয়-"মূলত: পৰিস্থিতিগত কাৰণত সিদ্ধান্ত গ্ৰহণ কৰিলো।মোৰ হাতত দুটাই পথ আছিল সেই সময়ত,হয় মৰিব লাগিব নহয় আত্মসমৰ্পণ কৰিব লাগিব।লগত থকা সতীৰ্থসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।" আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে বিপদৰ সময়ত যোগাযোগ হৈছিল বুলি উল্লেখ কৰি ৰাজখোৱাই কয় পৰেশ বৰুৱাই কৈছিল-"যদি পাৰা ওলাবলৈ যত্ন কৰা,নোৱাৰিলে উপায় নাই।কিন্তু মই তোমাক চুইছাইড কৰিবলৈ ক'ব নোৱাৰো।"
"আলফাৰ শক্তি আছে,থাকিবই।সশস্ত্ৰ সংগ্রামী সংগঠন এটাৰ শক্তি থাকিবই"-দৃষ্টি ৰাজখোৱাই কয়।আনহাতে,পৰেশ বৰুৱা আলোচনালৈ আহে নাই সেয়া তেওঁৰ কথা।মই তেওঁ তলৰ আছিলোঁ।গতিকে মই আহ্বান জনাব নোৱাৰো।সম-সাময়িক হোৱা হ'লে আহ্বান জনাব পাৰিলোঁ হয় বুলি উল্লেখ কৰি কয়- পৰেশ বৰুৱাই আমাক সংগঠনটোক পিতৃৰ দৰে নেতৃত্ব প্ৰদান কৰিছে। আলোচনা সন্দৰ্ভত ৰাজখোৱাই কয়-"বিশ্বত যিমান সমস্যা আছে, সকলো আলোচনাৰ মাধ্যমেৰে সমাধান হয়।অসমৰ স্বাধীনতা, সাৰ্বভৌমত্বত নিশ্চয় আলোচনা হ'ব লাগিব।এই বিষয়ত অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ আগ্রহ প্ৰয়োজন হ'ব।"
- Log in to post comments
- 46 views