নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত গঠন হৈছে বহুকেইটা নতুন ৰাজনৈতিক দল।সোমবাৰে ৰাজ্য ৰাজনীতিত আত্মপ্ৰকাশ ঘটিল সংখ্যালঘু ৰাজনৈতিক দল।'সংখ্যালঘু পিপুল পাৰ্টী' নামৰ দলটো আত্মপ্ৰকাশ কৰা কথা সংবাদমেল যোগে ঘোষণা কৰিলে দলৰ আহ্বায়ক তথা অধিবক্তা ৰেজাউল কৰিমে।
ৰাজ্যৰ সংখ্যালঘুসকলে বিভিন্ন সময়ত সন্মুখীন হোৱা ৰাজনৈতিক বৈষম্যৰ সমস্যাৰ কৰা হ'ব দলটোৰ মূল লক্ষ্য-উদ্দেশ্য- জনালে কৰিমে।
'২১ৰ নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব নৱগঠিত সংখ্যালঘু দলটোৱে বুলি উল্লেখ কৰি কৰিমে কয়-"বিজেপি,এআইইউডিএফ,কংগ্ৰেছ দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দলটো।"দীৰ্ঘদিনে এই ৰাজনৈতিক দলসমূহে সংখ্যালঘুসকলক কেৱল ব্যৱহাৰ কৰি অহা বুলি তেওঁ কয়।
গুৱাহাটী প্ৰেছ ক্লাবত ঘোষণা কৰা হয় নতুন ৰাজনৈতিক দলটোৰ নাম।
- Log in to post comments
- 24 views