দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ এলাম্নাই ভৱনত প্ৰথিতযশা সাহিত্যিক-চিন্তাবিদ হোমেন বৰগোহাঞিয়ে অসমৰ বিভিন্ন আন্দোলনৰ পটভূমিত আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবী কটকীয়ে ৰচনা কৰা 'আন্দোলন’ শীৰ্ষক উপন্যাসখন উন্মোচন কৰে৷ প্ৰজ্ঞা মিডিয়াহাইপ পাব্লিকেচনে প্ৰকাশ কৰা গ্ৰন্থখনিৰ উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক মৃণাল কুমাৰ বৰুৱা,প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা লেখক থানেশ্বৰ মালাকাৰ আৰু চিকিৎসক,লেখক তথা সংগীত শিল্পী ডা:অঞ্জনজ্যোতি চৌধুৰী উপস্থিত থাকে৷ গ্ৰন্থ উন্মোচনী সভাখনৰ আহ্বায়িকা,সাংবাদিক দৰ্শনা বৰুৱাৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি বক্তব্যৰে আৰম্ভ হোৱা সভাখনত 'আন্দোলন' উপন্যাসখনৰ বিষয়বস্তু আৰু পটভূমিৰ বিষয়ে সাংবাদিক- লেখিকা ড° গীতালি শইকীয়াই চমু আলোকপাত আগবঢ়ায়৷ উল্লেখ্য,বাস্তৱ ঘটনাৰ ভিত্তিত কাল্পনিক চৰিত্ৰৰ উপস্থাপনৰে ৰচিত উপন্যাসখন অসমীয়া সাহিত্যলৈ এটা ব্যতিক্ৰমী তথা গুৰুত্বপূৰ্ণ সংযোজন বুলি অভিহিত কৰিব পৰা যায়৷"পথাৰত নাঙল,বজাৰত দখল,তেহে হ’ব অসমীয়া মংগল"৷হাজাৰটা আন্দোলনে অসমৰ সমস্যাৰাজিৰ সমাধান কৰিব নোৱাৰিব যদিহে অসমীয়াই পথাৰত নাঙল নধৰে আৰু বজাৰত দখল সাব্যস্ত নকৰে৷এই কথাকে সাৰোগত কৰি আন্দোলন উপন্যাসখন লেখিকা কটকীয়ে পাঠকলৈ আগবঢ়াইছে৷ এজন সহজ-সৰল খাটি খোৱা গাঁৱলীয়া অসমীয়াৰ অনুভৱত আন্দোলনৰ অৰ্থ আৰু তেওঁৰ দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱ কি তাকেই উপন্যাসখনৰ জৰিয়তে প্ৰকাশ কৰিবলৈ বিচৰা হৈছে৷ চিকিৎসা সেৱাৰ সমান্তৰালভাৱে বিভিন্ন বাতৰি কাকত-আলোচনীত বহু লেখা আৰু ১২ খনকৈ গ্ৰন্থৰে সাহিত্যচৰ্চাৰ লগতে "কৰুণাধাৰা"ৰ দৰে সমাজহিতকৰ অনুষ্ঠানৰ জৰিয়তে সমাজসেৱা কৰি অহা ডা° কটকীৰ আন্দোলন উপন্যাসখনৰ সন্দৰ্ভত স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিয়ে মন্তব্য প্ৰকাশ কৰি কয়-"মই জনাত আন্দোলন বিষয়টোক কেন্দ্ৰ কৰি লিখা এইখনেই প্ৰথম অসমীয়া উপন্যাস৷"
- Log in to post comments
- 11 views