দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটীৰ মুখ্য কার্যালয়ত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় নেতৃত্ব মানস কোঁৱৰ, বিতু সোণোৱাল, প্ৰাঞ্জল কলিতা আৰু শীৰ্ষ কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থকা সভাত ছাত্ৰ মুক্তিত আনুষ্ঠানিক যোগদান কৰে কা' আন্দোলনত ছাত্ৰ সমাজক সন্মুখৰ পৰা নেতৃত্ব দিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আৰু বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক শুভ্ৰজিৎ বৰুৱাই।
"কাৰ্যনিৰ্বাহক সভাত কা'ৰ বিৰুদ্ধে ছাত্ৰ মুক্তিয়ে গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ।বৈঠকৰ প্ৰস্তাৱ মৰ্মে অহা ২৪ ডিচেম্বৰৰ পৰা ৩১ডিচেম্বৰলৈ 'কা' বিৰোধী সপ্তাহ' পালন কৰিব।সংগঠনটোৱে কা' বিৰোধী সপ্তাহত সমগ্ৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে কৰিব আন্দোলন।প্ৰতি জিলা, মহকুমা, আঞ্চলিকত বিভিন্ন পন্থা, মানৱ শৃংখল, ধৰ্ণা, প্ৰতিবাদ, বাইক ৰেলীৰ জৰিয়তে ৰূপায়ণ হ'ব আন্দোলন"-সংবাদমেলত এই কথা জনালে ছাত্ৰ মুক্তিৰ নেতা বিতু সোণোৱালে।
উক্ত সময়ছোৱাত তিনিচুকীয়া, ধেমাজি,গোলাঘাট জিলাত কা'ৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ ছাত্ৰ সংগঠনটোৱে গঢ়ি তুলিব বুলি লগতে কয় সোণোৱালে।
- Log in to post comments
- 7 views