অসম যুৱ পৰিষদৰ কাৰ্যনিৰ্বাহক :"অগপৰ জন্ম ইতিহাস এজেপিৰ লগত তুলনা নহয়"-জিতু বৰগোঁহাই

#Agp

২১ৰ বিধানসভা নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰি নৱপ্ৰজন্মক অসম গণ পৰিষদৰ প্ৰতি আকৃষ্ট কৰা লক্ষ্যৰে শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হয় অসম যুৱ পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা।নতুন প্ৰজন্মক কি আদৰ্শৰে অগপ দলৰ প্ৰতি আকৃষ্ট কৰাব পৰা যাব তাৰ বিষয়ে বিস্তৃত ৰূপত আলোচনা কৰা হয় বৈঠকত। নৱগঠিত আঞ্চলিক দলসমূহৰ যুৱ সংগঠনসমূহৰ তুলনাত অগপ যুৱ পৰিষদৰ দায়িত্ব অধিক বেছি।দলে দিয়া দায়িত্ব অনুসৰি নিষ্ঠা সততাৰ মাজেৰে যুৱ প্ৰজন্মক আগবঢ়াই নিব লাগিব।অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই এইদৰে কয়।

প্ৰগতিশীল জাতীয়তাবাদৰ লগতে যুৱ-প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰাৰ বাবে অসম যুৱ পৰিষদে এখন প্ৰতিবেদন প্ৰস্তুত কৰা বুলিও সংবাদ মাধ্যমক অৱগত কৰে যুৱ নেতাগৰাকীয়ে। অসমত থকা বহিৰাগত প্ৰতিষ্ঠানত থলুৱা যুৱক-যুৱতীয়ে সংস্থাপন পোৱাৰ লগতে বহিৰাগত অনুষ্ঠান- প্ৰতিষ্ঠানে থলুৱা যুৱক-যুৱতীক কৰি অহা হাৰাশাস্তি নিৰ্মূল কৰিব পৰাকৈ প্ৰস্তাৱ গ্ৰহণ কৰে বৈঠকত।

Pic

আগন্তক নিৰ্বাচনৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে অসম যুৱ পৰিষদে অহা বৰ্ষৰ জানুৱাৰীৰ শেষৰ ফালে বৃহৎ যুৱ সমাৰোহৰ আয়োজন কৰিব বুলি সভাপতি বৰগোঁহাইয়ে কয়। অগপৰ প্ৰতি থকা অসমবাসীৰ আশা-আকাংক্ষা যুৱ প্ৰজন্মই আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰি জিতু বৰগোঁহাই কয়-"আমি নৱ প্ৰজন্মৰ।অগপৰ পূৰ্ব কথাৰে বান্ধিব যত্ন নকৰিব।ন-সাজেৰে আগবাঢ়িব বিচাৰো।আমাৰ গাত দোষ-ভুল নাই।নতুন প্ৰজন্মক লগত লৈ আগবাঢ়িব বিচাৰোঁ। অগপৰ জন্ম ইতিহাস আছে।অসম জাতীয় পৰিষদৰ দৰে দুই-তিনিদিন আন্দোলন কৰি জন্ম হোৱা দলৰ লগত তুলনা নকৰিব।দল জন্ম হৈছে শুভেচ্ছা আছে।"

আনহাতে,আগন্তক নিৰ্বাচনত অসম যুৱ পৰিষদে অগপৰ পৰা ৩০শতাংশ আসন বিচাৰিব বুলি জানিবলৈ দি কয়-"পুৰণি সকল আঁতৰিলে নৱ-প্ৰজন্মলৈ সুবিধা হয়।নাহৰকটিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন সমষ্টিত আমাৰ যুৱ প্ৰাৰ্থী বিচাৰিম।"

Your Comments