"লুৰীণজ্যোতি মোৰ ভাইৰ দৰে,তাক ভাল পাওঁ মৰম কৰোঁঁ"-জুবিন গাৰ্গ

Pic

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ শিল্পী জুবিন গাৰ্গৰ।জাতিৰ বাবে আন্দোলন হ'বই বুলি উল্লেখ কৰিছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পীগৰাকীয়ে। ৰবীন্দ্ৰ ভৱনৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত শিল্পীগৰাকীয়ে কয়- "বৈপ্লৱিক চিন্তা এতিয়াও আছে।আন্দোলন স্থিমিত হ'লে পুনৰ জাগ্ৰত হব ৰাইজ।" "এটা জাতিৰ হকে আন্দোলন কৰিলে কোনেও বন্ধ কৰিবলৈ নোৱাৰে।বিভিন্ন পন্থাৰে সাব্যস্ত কৰা হ'ব প্ৰতিবাদ"-জুবিনে কয়। ক'ৰ'না শেষ নোহোৱালৈ ৰাজপথৰ আন্দোলনৰ বিপৰীতে বিভিন্ন মাধ্যমৰ জৰিয়তে হ'ব প্ৰতিবাদ- জুবিনে মন্তব্য কৰে। ইফালে,অসম জাতীয় পৰিষদ সন্দৰ্ভত কয়-"তেওঁলোকে আশাবাদী মন লৈ আহিছে।ভালকৈ কাম কৰক।নিৰ্বাচন বস্তুটো ৰাইজৰ হাতত থাকে,ৰাইজে যাক ভাল পাই তাকে ভোট দিব।যি পাৰ্টী আহে, ভাল মানুহ আহিব লাগে।" আনহাতে,এজেপিৰ নৱনিৰ্বাচিত সভাপতি লুৰীণজ্যোতি গগৈ সন্দৰ্ভত কয়-"সি মোৰ ভাইৰ দৰে।তাক ভাল পাওঁ,মৰম কৰো।"

Your Comments