লুৰীণজ্যোতি গগৈৰ নেতৃত্বত আগবাঢ়িব অসম জাতীয় পৰিষদ

Lurinjyoti

ঐতিহাসিক শিৱসাগৰৰ ব'ৰ্ডিং খেলপথাৰত লক্ষাধিক জনতাৰ সাক্ষী হৈ অসম জাতীয় পৰিষদ (এজেপি)ৰ কেন্দ্ৰীয় সমিতিৰ আনুষ্ঠানিক ঘোষণা।'আছু'ৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত '২১ৰ নিৰ্বাচনত অৱৰ্তীন হ'ব আঞ্চলিক দলটো। শিৱসাগৰত কেন্দ্ৰীয় ৰাজনৈতিক অভিৱৰ্তনত দলটোৱে ঘোষণা কৰিলে পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি। সভাপতি লুৰীণজ্যোতি গগৈৰ সৈতে কাৰ্যকৰী সভাপতি নিৰ্বাচিত কৰে প্ৰাক্তন অগপ নেতা তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকাক। দলটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব জগদীশ ভূঞাক অৰ্পণ কৰা হৈছে। ইয়াৰ উপৰিও দলৰ উপ-সভাপতি অদীপ কুমাৰ ফুকন, ডঃ শিখৰ কুমাৰ শৰ্মা, ৰাণা চাংমাই, ৰবীন্দ্ৰ কুমাৰ দত্ত, ইজৰাইল নন্দ, ইমদাদ হুছেইন, পলাশ ৰঞ্জন বৰুৱা, প্ৰদীপ ৰঞ্জন কৰ, হৰেন চুতীয়া, বীৰেন বৰুৱা, প্ৰণীতা ডেকা। সম্পাদকৰ দায়িত্বত আছে প্ৰাক্তন আছু নেতা চিত্তৰঞ্জন বসুমতাৰী, বিশ্বজিৎ টিপমীয়া, ৰাজু ফুকন, জান বৰুৱা, ৰাফেল কুজুৰ, ৰাজীৱ ভট্টাচাৰ্য, সঞ্জীৱ দেৱ, দীপক হাজৰিকা, আব্দুল হাচিব, অমল ডেকা, বাণী দাস। যুটীয়া সম্পাদকৰ দায়িত্বত আছে- প্ৰিন্স ফাইজুল হক, ডঃ গোপাল ফুকন, মৈত্ৰেয়ী প্রিয়দৰ্শনী, চন্দ্ৰ প্ৰকাশ শৰ্মা খান্দোৱাল, সুধীৰ মেচ, কমলেশ ডেকা, লুচী নেওগ, ইমদাদ হুছেইন, লাকীমণি বৰুৱা, দুলদুল বৰকটকী, প্ৰাৰ্থপ্ৰতিম বেজবৰুৱা। সাংগঠনিক সম্পাদকৰ দায়িত্বত আছে-চন্দন সন্দিকৈ, ৰূপজ্যোতি ৰাজবংশী, অচ্যুত শইকীয়া, ৱাহেদুৰ খণ্ডকাৰ, গোবিন গায়ন, টংকেশ্বৰ কোঁৱৰ, মহেশ শৰ্মা, ফকৰুল ইছলাম মজুমদাৰ, ৰাণা বৰদলৈ,পৱন শইকীয়া, ৰঞ্জন কোঁৱৰ। সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি লুৰীণজ্যোতি গগৈয়ে কয়-"ৰাষ্ট্রীয় শক্তিক পৰাজিত কৰাৰ বাবে '২১ত আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হ'ব।অসমবাসীৰ সপোনৰ জাতীয়তাবাদী চৰকাৰ প্ৰতিষ্ঠা হ'ব।"

Your Comments