চুতীয়া জাতিৰ বীৰাংগনা সতী সাধনীৰ জীৱন দৰ্শন বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে চুতীয়া ছাত্ৰ সন্থাৰ প্ৰশংসনীয় প্ৰয়াস।ৰঙীন পৰ্দাত চলচ্চিত্ৰ ৰূপত ৰাণী সতী সাধনীৰ জীৱন দৰ্শন সামৰি নিৰ্মাণ হ'ব এখন ছবি।সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে চুতীয়া ছাত্ৰ সন্থাই। বিশিষ্ট পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনাত নিৰ্মাণ হ'ব লগীয়া ছবিখন হিন্দী আৰু অসমীয়া ভাষাত নিৰ্মাণ কৰা হ'ব।অসমৰ লগতে মুম্বাই,হায়দৰাবাদত দৃশ্য গ্ৰহণ হ'ব লগা ছবিখনৰ মূল চৰিত্ৰ (সাধনী)ৰ চৰিত্ৰত এগৰাকী আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দক্ষিণ কোৰিয়া নায়িকাই অভিনয় কৰিব। উল্লেখ যে ৮ ৰ পৰা ১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব লগা ছবিখনৰ শুভ মূহৰত আগন্তক বৰ্ষ (২০২১) ফ্ৰেব্ৰুৱাৰীত ঐতিহাসিক লতাশিল খেলপথাৰত সম্পূৰ্ণ হ'ব।একেদৰে ২০২২ বৰ্ষৰ নৱেম্বৰ মাহত দৰ্শকৰ মাজত চলচ্চিত্ৰ আকাৰত মুক্তি লাভ কৰাৰো পৰিকল্পনাৰ কৰা কথা সংবাদমেলত উল্লেখ কৰে পৰিচালক বৰাই।
- Log in to post comments
- 13 views