সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে আজি ৰাজ্যবাসীক সম্বোধন কৰি আয়োজন কৰিব গুৰুত্বপূৰ্ণ সংবাদ মেলৰ।সংবাদমেলত আনুষ্ঠানিকভাৱে প্ৰাক্তন আছু নেতাগৰাকীয়ে ৰাজনৈতিক দলত যোগদান কৰাৰ সন্দৰ্ভত কৰিব বিশেষ ঘোষণা।সোমবাৰে পুৱা ১০.৩০বজাত গুৱাহাটীত এখন হোটেলত সম্বোধন কৰিব সংবাদমেলখন। উল্লেখ যে গগৈয়ে ১৬ আৰু ১৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ'ব লগা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় অভিৱৰ্তনত আনুষ্ঠানিকভাৱে আঞ্চলিক দলটোত যোগদান কৰি দলৰ নেতৃত্বত গ্ৰহণ কৰিব বুলি ব্যাপক চৰ্চা চলিছে।এজেপিৰ মুখ্য সমন্বয়কেও লুৰীণক যোগদান কৰাৰ বাবে আহ্বান জনাইছে।
- Log in to post comments
- 49 views