কা' আন্দোলনৰ সময়ত বজাৰ কৰি ঘূৰি আহোতে গুলীবিদ্ধ হোৱা দুৰ্ভগীয়া ৰাজেন মেধিৰ খবৰ কোনে ৰাখিছে!

*মই বিজেপিৰ হাতীগাঁও ১৮৭ বুথৰ উপ-সভাপতি,চৰকাৰ-দলে এটা বছৰ মোৰ খবৰ নকৰিলে-ৰাজেন মেধি*

অসম মাতৃক ৰক্ষাৰ বাবে 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ বিৰুদ্ধে আন্দোলন কৰি শ্বহীদ হোৱা পঞ্চ শ্বহীদক স্মৰণ সমগ্ৰ ৰাজ্যবাসীয়ে কৰিছে।যোৱা বৰ্ষৰ কা' আন্দোলনৰ সময়ত পৰিয়ালৰ বাবে হাতীগাঁও চাৰিআলিত বজাৰ কৰি ঘৰলৈ উভতি অহা অৱস্থাত আৰক্ষীৰ গুলিত গুলীবিদ্ধ হৈ বিগত এটা বছৰে বিছনাত পংগু জীৱন পাৰ কৰা দুৰ্ভগীয়া ৰাজেন মেধিৰ খবৰ কিমানজনে ৰাখিছে।

Pic

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈ পংগু হোৱা অট'ৰিক্সা চালক ৰাজেন মেধিৰ পৰিয়ালৰ বৰ্তমান অৱস্থা ৰজাঘৰে বুজি পাব নে! সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গুৱাহাটীৰ হাতীগাঁও হাইস্কুলত কা' আন্দোলনৰ পঞ্চ শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি অভিশপ্ত সেই দিনটোৰ কথা বৰ্ণনা কৰিলে এইদৰে-"আজি যিদৰে হাতীগাঁও হাইস্কুলত কা' আন্দোলন হৈছে, যোৱা বছৰো আন্দোলন হৈছিল।সেইদিনা হাতীগাঁও চাৰিআলিত বজাৰ কৰি ৰঘুনাথ চৌধুৰী পথত থকা ঘৰলৈ আহি থকা অৱস্থাত হাতীগাঁও হাইস্কুলৰ সন্মুখত কোন ফালৰ পৰা পুলিচে আহি মোক গুলী কৰিলে,গম নাপালোঁ।বাওঁ ভৰিত গুলী লাগি, হাড় ভাঙি ৰাস্তাত ঢলি পৰিলোঁ।লগৰ বন্ধুৱে মোক তুলি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ নিলে।তাত আই চি ইউত ২৪দিন থাকিলো।কিন্তু পূৰ্বৰ অৱস্থা ঘূৰাই নাপালোঁ।" বৰ্তমান পংগু জীৱন অতিবাহিত কৰা ৰাজেন মেধিয়ে ক'ৰ'নাৰ বাবে অপাৰেচনো কৰিব নোৱাৰা বুলিও জানিবলৈ দিয়ে। উল্লেখ যে চাৰিজনীয়া পৰিয়ালটোক অট' চলাই পোহপাল দিছিল গুলীবিদ্ধ ৰাজেনে।কিন্তু যোৱা এটা বৰ্ষ অট'ৰিক্সা চলাই পত্নী,পুত্ৰ আৰু কন্যাক পোহপাল দিবলৈ পৰা নাই।ফলত আৰ্থিক সমস্যাত দিন পাৰ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। গুলীবিদ্ধ ৰাজেন মেধি বিজেপিৰ হাতীগাঁও ১৮৭ বুথ কমিটীৰ উপ-সভাপতি আছিল।"নিজ দলৰ চৰকাৰ থকাৰ পিছতো যোৱা এটা বছৰ দল-চৰকাৰৰ পৰা কোনো নাহিল মোৰ খবৰ কৰিবলৈ"- মেধিয়ে কয়।

Your Comments