সোণোৱাল কেবিনেটৰ নতুন সিদ্ধান্তসমূহ পঢ়ি লওক...

Pic

ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কৰা হয় গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।দেওবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত।আগন্তক বৰ্ষৰ চৰকাৰী বন্ধত আজি কেবিনেটে অনুমোদন জনায়।সেই অনুসৰি সাধাৰণ ২০২১ বৰ্ষত চৰকাৰী সাধাৰণ বন্ধ হ'ব ৩৪দিন, সীমিত বন্ধ হ'ব ৩১দিন। খহনীয়াত আক্রান্তসকলৰ পুনৰ সংস্থাপনৰ বাবে ৫লাখ,১.৫লাখ আৰু ১লাখ টকা পুনৰ সংস্থাপনমূলক ব্যৱস্থাৱলীত অনুমোদন। চাহ জনজাতি কল্যাণ বিভাগৰ বাবে প্ৰতি বছৰত এটা নিৰ্ধাৰিত ব্যয়ত প্ৰজেক্ট মনিটৰিং ইউনিট স্থাপন কৰাত অনুমোদন। চৰকাৰীভাৱে 'মিৰি' নামৰ সলনি মিচিং নামাকৰণত অনুমোদন। 'অসম মালা আঁচনি'ৰ বাবে ভূমি ব্যৱস্থাৱলী সৰলীকৰণ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাৱলীৰ লগত সংগতি ৰাখি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বাবে নতুন আইনৰ প্ৰস্তাৱ গ্ৰহণ। মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ বাবে আগন্তক বিধানসভাৰ অধিৱেশনত উত্থাপন হ'ব আইন। কৃষি আয়কৰ ৰেহাই দিয়াত কেবিনেটৰ অনুমোদন। কেবিনেটৰ সিদ্ধান্তসমূহ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

Your Comments