*কা' মনা নাছিলোঁ,নাই আৰু নামানো-ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য*
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ সংসদত উত্থাপন আৰু গৃহীত হোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ বিশেষ দিনটোতে ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা' বিৰোধী আন্দোলন।উত্তৰ-পূব ছাত্ৰ সংগঠন,চমুকৈ নেছ'ৰ আহ্বান মৰ্মে সদৌ অসম ছাত্ৰ সন্থাই কা' বিৰোধিতাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসত ক'লা পতাকা উত্তোলন কৰে। কোনো কাৰণত কা' মানি নোলোৱাৰ সংকল্পৰে 'আছু'ৱে শ্বহীদ ভৱনৰ সন্মুখত ক'লা পতাকা প্ৰদৰ্শন কৰে।"যোৱা বৰ্ষৰ ১১ ডিচেম্বৰত ৰাজ্যসভাত কা' গৃহীত কৰাৰ পিছত নেছ'ৱে উত্তৰ-পূবত ক'লা দিন হিচাপে পালন কৰিছিল,তাৰ তাৰ অংশ হিচাপে উত্তোলন কৰা হৈছে ক'লা পতাকা"- এইদৰে কয় নেছ'ৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। "অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, অসম চুক্তিক উলংঘা কৰা,খিলঞ্জীয়া বিৰোধী, সাম্প্ৰদায়িক, অসাংবিধানিক কা' অসমবাসীয়ে মনা নাছিল, নাই আৰু নামানে"-ডঃ ভট্টাচাৰ্যই কয়। উল্লেখ যে নেছ'ৰ আহ্বান মৰ্মে উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ ৰাজ্যৰ লগতে অসমৰ প্ৰতিখন জিলাত আছুৱে শুকুৰবাৰে ক'লা পতাকা উত্তোলন কৰি ক'লা দিন পালন কৰে।
- Log in to post comments
- 12 views