কৃষি আইন বাতিলৰ দাবী:গুৱাহাটীৰ ৰাজপথত কৃষক মুক্তিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিকৃতি

Kmss

দেশৰ প্ৰতিবাদী কৃষকে আহ্বান জনোৱা 'ভাৰত বন্ধ'লৈ সমৰ্থন জনাই গুৱাহাটীৰ ৰাজপথত কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

চানমাৰিৰ ৰাজপথত আৰক্ষী- প্ৰশাসনৰ চকুত ধূলি দি দাহ কৰিলে মোডীৰ প্ৰতিমূৰ্তি।

নৰেন্দ্ৰ মোডী হায় হায়, কৃষক বিৰোধী আইন বাতিল কৰক, বিজেপি মূর্দাবাদ, কৃষক বিৰোধী বিজেপি হুচিয়াৰ ধ্বনি প্ৰদান কৰে কৃষক মুক্তিৰ সদস্যসকলে।

উল্লেখ যে কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত দেশৰ কৃষকে আহ্বান জনোৱা ভাৰত বন্ধলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।

"দেশৰ কৃষকসকলৰ সকলো দাবী মানি ল'ব লাগিব বিজেপি চৰকাৰে।কৃষকৰ লগত সদায় আছোঁ আমি"-এইদৰে কয় কৃষক মুক্তিৰ সদস্যসকলে।

Your Comments