আজিৰ দিনটোৰ বিষয়ে জানো আহক...

Pic

প্ৰত্যেক বছৰৰে ৪ ডিচেম্বৰ দিনটোক ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় নৌসেনা দিৱস হিচাপে পালন কৰা হয় ৷ ভাৰতীয় নৌসেনাই ভাৰতলৈ কঢ়িয়াই অনা কৃতিত্ব আৰু ভাৰতৰ প্ৰতি নৌসেনাৰ ভূমিকাক স্বীকৃতি দিয়াৰ উদ্দেশ্যেৰে প্ৰত্যেক বছৰে এই দিনটো পালন কৰা হয় ৷

উল্লেখযোগ্য যে ১৯৭১ চনৰ ৪ ডিচেম্বৰ তাৰিখে ভাৰতীয় নৌসেনাই ট্ৰাইডেণ্ট অভিযানৰ সময়চোৱাতেই পাকিস্তানৰ পিএনএছ খাইবাৰ সহ চাৰিখন নাও ডুবাবলৈ সক্ষম হৈছিল ৷ তাৰোপৰি ভাৰতীয় নৌসেনাৰ হাতত ১০০জনৰো অধিক পাকিস্তানী নৌসেনা বিষয়াৰ মৃত্যু হৈছিল ৷ সেই দিনটোক সুঁৱৰিয়েই ৪ ডিচেম্বৰ দিনটোত ভাৰতত নৌসেনা দিৱস হিচাপে পালন কৰিবলৈ লোৱা হয় ৷

Your Comments