ডিগবৈৰ বিশিষ্ট শিক্ষাগুৰু ডম্বৰুধৰ শৰ্মাক শ্ৰদ্ধাৰে সুঁৱৰি,এগৰাকী ছাত্ৰীৰ চিঠি

DS

--অত্ৰেয়ী বৰদলৈ--

শ্ৰীহৰি

উত্তৰ গুৱাহাটী                                                     ৩/১২/২০২০

পূজনীয় ডম্বৰুধৰ শৰ্মা ছাৰ,    

          পত্ৰৰ দ্বাৰাই সেৱা গ্ৰহণ কৰিব। আশাকৰোঁ আপুনি যি স্থানতে আছে তাতেই কুশলে আছে।আপোনালৈ লেখা পত্ৰখন ডাকোৱালে কঢ়িয়াই নিব পৰাকৈ সঠিক ঠিকনা  ম‌ই দিব নোৱাৰিম;কিন্তু আপুনি আমাৰ হদয়ত নিগাজিকৈ নীড় সাজি বাস কৰি আছে, গতিকে আমাৰ মনৰ অনুভৱবোৰ আপোনালৈ পঠিয়াবলৈ আন এটা ঠিকনাৰ নিষ্প্ৰয়োজন।               আত্মা হেনো অবিনশ্বৰ। গতিকে আপুনি কায়িকভাৱে আমাৰ কাষত নাথাকিল বুলিয়েই আমি আপোনাৰ অৱস্থিতি শূন্য বুলি ভাবিবলৈ নোৱাৰোঁ। আপোনাৰ উপস্থিতি অনুভৱ কৰোঁ সেয়ে যেতিয়াই কিছুমান কথাত দোমোজাত পৰোঁ।এনে লাগে যেন এই মুহূৰ্ততে আপুনি আমাৰ সেই পকনীয়া ভেদ কৰি দিবহি। আজি কেইদিনমানৰ আগতে শব্দ এটা দেখা পালোঁ;'নিৰ্ঝৰিণী', অৰ্থ কি? নাই, নাজানো। নতুন শব্দ‌ই নে পুৰণি শব্দ নে সংস্কৃত ভাষাৰ শব্দ? আপোনাৰ আৰু ভট্টাচাৰ্য্য ছাৰৰ অনুপস্থিতিয়ে যে আমাক কিমান শব্দ,ভাষা-সাহিত্য, ব্যাকৰণৰ ক্ষেত্ৰত নিথৰুৱা কৰিলে এনেকুৱা সময়ত বৰকৈ অনুভৱ হয়। এতিয়া আমাৰ এনেধৰণৰ বহুতো শব্দৰ উৎস ক'ত, অৰ্থ কি সেই কথা জানিবলৈ বিভিন্ন অভিধানৰ বিকল্প নাই।    

Sisu

 

         ১৯৮৭ চনৰ কথা। আমাৰ আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি হোৱাই নাই, তেতিয়াই আপোনাৰ সৈতে সাক্ষাৎ হৈছিল। আপুনি আহিছিল আপোনাৰ সাৰথি চাইকেলখনেৰে;মই ইফালে-সিফালে চাই আছিলোঁ,কাণসমনীয়া বৰদেউতাৰ ছোৱালীজনীয়ে আপোনাক ককা বুলি সম্বোধন কৰিছিল।এই যে তেওঁ আপোনাক ককা বুলি সম্বোধন কৰিছিল পিছলৈ আমি যেতিয়া আপোনালোকৰ সপোনৰ শিক্ষানুষ্ঠান "শিশু নিকেতন,ডিগবৈ"ৰ ছাত্ৰী হৈছিলোঁ, তেতিয়া প্ৰতিগৰাকী শিশুৰ বাবে আপুনি আছিল "ককা ছাৰ"। আজি আকৌ আপোনাক "ককা ছাৰ" বুলি সম্বোধন কৰিবলৈ মন গৈছে। আপুনি ভাল পাইছিল কণ কণ শিশুসকলক, আপুনি উমলিছিল শিশুসকলৰ সৈতে,সৰু সৰু গল্প আৰু সাধুৰে আপুনি সেই সময়তে বিভিন্ন নীতি শিক্ষা দিছিল। আমি সঁচাকৈয়ে আপোনাৰ নাতি-নাতিনীৰ লেখীয়া আছিলোঁ। আপোনাৰ ডাঙৰ নাতিনী সংগীতা আমাৰ লগৰীয়া আছিল।সংগীতাৰ জন্মদিন উপলক্ষ্যে আমাক আপুনি বিদ্যালয় ছুটীৰ পিছত আপোনালোকৰ ঘৰলৈ লৈ গৈছিল। দুপৰীয়া একেলগে আমাক খোৱাইছিল, একেখন বিচনাতে ৰ'দাই থোৱা লেপৰ মাজত সুমুৱাই সাধু শুনাইছিল। তেতিয়া আমি সৰু আছিলোঁ, মনবোৰ সৰল আছিল,জীৱনৰ পাকবোৰ বুজি পোৱাৰ বহু যোজন দূৰত আছিলোঁ।যেতিয়া নিজৰ বিবেচনা শক্তি অৰ্জন কৰিলোঁ আপোনাৰ আমাৰ প্ৰতিজন শিশু তথা ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা সেই স্নেহৰ কথা ভাবিলে অভিভূত হ‌ওঁ।ককা-আইতাৰ সান্নিধ্যৰ পৰা বঞ্চিত আমাৰ বাবে সেই দুপৰীয়াটো বিশেষ কৰি তুলিছিল আপুনি আৰু আইতাই।  

DS           

          পিতৃ-মাতৃয়ে যেনেকৈ সন্তানৰ পৰা ঋণ নিবিচাৰে ঠিক সেইদৰে প্ৰকৃত শিক্ষকে নিবিচাৰে ছাত্ৰ-ছাত্ৰীৰ পৰা ঋণ। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সাফল্য‌ই শিক্ষাগুৰুৰ সুখৰ উৎস।ছাৰ, আপোনাৰ ব্যক্তিত্বৰ আঁৰৰ কথাবোৰো আমাৰ সেইবাবেই আপোনাক কোৱা নহ'ল,কেৱল এষাৰ কথাৰ বাহিৰে। আপোনাৰ আখৰ!আপোনাৰ গোট গোট ধুনীয়া আখৰৰ প্ৰশংসাই মাত্ৰ কৰিবলৈ এটা সুযোগ পাইছিলোঁ আপোনাৰ সন্মুখত।কি অসমীয়া,কি ইংৰাজী;আমাক সৰুৰে পৰা আখৰৰ পাক লিখিবলৈ শিকোৱা দিনৰে পৰা আপোনাৰ বয়স্ক জীৱনলৈ অকণমানো পোটোকা নপৰিল আখৰত। 'লিপিকা' নামৰ চাৰিখন হাতৰ আখৰৰ পুথি হাতৰ আখৰ শিকাবলৈকে নিজস্ব পদ্ধতিৰে লিখি প্ৰকাশ কৰিছিল আপুনি।পুথিকেইখন আমাৰ প্ৰতিজন উঠি অহা শিশু আৰু আমাৰ বাবেও প্ৰয়োজন হৈ আছে এতিয়াও। এইক্ষেত্ৰত আপোনাৰ সুযোগ্যা ছাত্ৰী হ'বলৈ সক্ষম নহ'লোঁ।আমি আপোনাৰ দৰে আখৰ লেখিবলৈ নিশিকিলোঁ আৰু যিকণ আখৰ ভাল হৈছিল বুলি নিজেই ভাবিছিলোঁ এতিয়া সেয়াও নোহোৱা হৈছে। কিন্তু জানে ছাৰ,যেতিয়া কোনো কোনোৱে শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ আখৰ ধুনীয়া বুলি কৈছিল, তেতিয়া আপোনাৰ সেই শিক্ষাৰ কথা উল্লেখ কৰি গৌৰৱবোধ কৰোঁ, "আমাৰ শৰ্মা ছাৰ"।আখৰ লেখিবলৈ আৰু ভাল কৰিবলৈ আপুনি যিদৰে শিক্ষা দিছিল একেদৰে সঠিক, শুদ্ধ, স্পষ্ট উচ্চাৰণ কৰিবলৈও শিকাইছিল। আপুনি পাঠ্যপুথিৰ পাঠবোৰ নিৰ্দিষ্ট দূৰত্বত ৰৈ ৰৈ পঢ়ে, আৰু আমি সেয়া আওৰাও আপুনি পঢ়ুৱাই যোৱাৰ লগে লগে।ভাগৰ,আমনিবোধ আপোনাৰ জীৱনৰ অভিধানত সন্নিবিষ্ট নাছিল।নহ'লেনো আপুনি এটা এটা শ্ৰেণীকোঠাৰ ৩৫-৪০ জন ছাত্ৰ-ছাত্ৰীয়ে হ'মৱৰ্ক কৰিবলৈ সকলোৰে আঁচ টনা বহীত  নিজৰ আখৰেৰে অসমীয়া-ইংৰাজী দুটাকৈ বাক্য লিখিবলৈ পাৰিব?সৰস্বতী পূজাৰ দিনা একনিষ্ঠতাৰে পূজা সমাপন কৰি আমাক ইটোৰ পিছত সিটো দলত ভাগ কৰি একেলেথাৰিয়ে আমনিবোধ নকৰাকৈ পূজাৰ অঞ্জলি প্ৰদান কৰিছিল।"কৰ্ম‌ই ধৰ্ম" আপ্তবাক্যশাৰী আপোনাৰ জীৱনৰ মূল নীতি আছিল। বিদ্যালয়ৰ ধুনীয়া ফুলনিখন ডেকা দাৰ সৈতে লগ লাগি আপুনি ফুলাই তুলিছিল। আমাৰ মনত আছে ছাৰ, প্ৰতিদিনে আপুনি আমাৰ এই ফুলনিখনৰ আপদাল কৰিছিল। শৰ্মা ছাৰ আহিছে, কোনোবা এজনে কোৱাৰ লগে লগে শ্ৰেণীকোঠা চুপচাপ হয়।হাতত চেকনিৰ সৈতে আপোনাৰ গহীন-গম্ভীৰ কণ্ঠ, ব্যৱহাৰ আৰু খোজ-কাটলে আমাক শিকাইছিল নিয়মানুবৰ্তিতা,সময়ানুবৰ্তিতা আৰু শৃঙ্খলতাৰ পাঠ।এ.অ',ডি হায়াৰ চেকেণ্ডেৰী স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰি এটা জীৱন পৰিক্ৰমাৰ অন্তত নকৈ গঢ়ি তোলা "শিশু নিকেতন",ডিগবৈক দক্ষতাৰে পৰিচালনা কৰা আপুনি কি যে অফুৰন্ত শক্তিৰ অধিকাৰী আছিল! নিজস্ব সত্তাৰে আতোলতোলকৈ গঢ়ি তুলিছিল আমাৰ বিদ্যালয়খনক। বিদ্যালয়ৰ চৌহদত থকা ইউকেলিপ্তাছ, কৃষ্ণচূড়া আৰু ফুলনিখন, প্ৰতিটো শ্ৰেণীকোঠাৰ প্ৰতিখন ব্লেকবোৰ্ডত আপোনাৰ হাতৰ কোমল পৰশ আছে।অ' আৰু এটা কথা পাহৰিছিলোঁৱেই। আপুনি বহুত ধুনীয়া ছবিও আঁকিছিল। ভূগোলৰ মানচিত্ৰ নিখুঁতভাৱে অংকন কৰিছিল। আমাৰ সৰুকালৰ পৰীক্ষাত চিলেটৰ ছবিসমূহত আপুনি চক পেঞ্চিলেৰে ৰোমান সংখ্যাৰ তিনিলৈকে নম্বৰ দিছিল নে নম্বৰ কাটিছিল;সেয়া আপোনাৰ পদ্ধতি আছিল,আমাক কিন্তু আপুনি কৈছিল এক মানে ফাৰ্ষ্ট,দুই মানে চেকেণ্ড,তিনি মানে থাৰ্ড। অকণমানি মনবোৰক আপুনি এনেদৰে নিচুকাই হাঁহি বিৰিঙাই তুলিছিল। চকুৰ পচাৰতে যেন সময়বোৰ পাৰ হৈছিল।আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়লৈকে আপুনি বিদ্যালয়ত নাথাকিল। আমাৰ বিদায় সভাৰ দিনা আপুনি আশীৰ্বাদ দিবলৈ আহিছিল। সেইটো বছৰতে আমি এদিন আপোনাৰ ঘৰলৈ গৈও আপোনাৰ আশীৰ্বাদ শিৰত লৈ আহিছিলোঁ। আপুনি বিদ্যালয়ত নাথাকিল যদিও আমাৰ পৰীক্ষাৰ প্ৰথম দিনটোতেই আপুনি পৰীক্ষা চেণ্টাৰৰ ওচৰত ৰৈ আছিল। এই মৰমৰ উত্তাপ পাহৰিব পৰা যায় জানো ছাৰ? এদিন যে আপুনি নতুনকৈ গঠন কৰিবলৈ লোৱা বিদ্যালয়ৰ বাবে ল'ৰা-ছোৱালীৰ সন্ধান কৰিবলৈ ঘৰে-ঘৰে গৈছিল; আপুনি যেন প্ৰতিশ্ৰুতি দিছিল বিদ্যালয়ৰ অন্তিম পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী হৈ থকা সময়লৈকে সামৰি ৰাখিম মোৰ শিশুসকলক, মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোত আপোনাৰ উপস্থিতিয়ে সেয়া প্ৰতীয়মান কৰিছিল।                       "জেংবৰা মিনি মাহী আৰু ৰুবি" আৰু "কালুৰ কাহিনী"; কোনোবা এটা বছৰত শংকৰ জন্মোৎসৱৰ পুৰস্কাৰ হিচাপে পাইছিলোঁ।লেখকৰ নাম দেখি ঘৰত সুধিছিলোঁ,"আমাৰ শৰ্মা ছাৰে লিখা নেকি?"একেদৰে হালধীয়া বেটুপাতৰ "বুনিয়াদী ব্যাকৰণ, ৰচনা আৰু পত্ৰ-দলিল শিক্ষা" প্ৰাইমেৰী স্কুলৰ বাবে আপুনি লিখিছিল,যিখন আমি চতুৰ্থ শ্ৰেণীলৈকে পাঠ্যক্ৰম হিচাপে পঢ়িছিলোঁ।আপুনি আছিল প্ৰজ্ঞাৰ কপাট। শিক্ষা দান, গ্ৰন্থ প্ৰণয়ন ইত্যাদিৰ মাজতে জীৱনৰ অন্বেষণ কৰি সৰহ সময় কটাইছিল। আপোনাৰ তত্বাৱধানত ডাঙৰ-দীঘল হোৱা প্ৰতিজন শিশু এদিন পৈণত হ'ল, কিন্তু আপুনি একেই থাকিল।চামে-চামে উঠি অহা প্ৰতিজন শিশুৰ বাবে আপোনাৰ প্ৰজ্ঞাৰ কপাট সদায় খোলা আছিল।মনত আছে,এদিনৰ শ্ৰেণীত আপুনি আপোনাৰ সুকীয়া কথনভঙ্গীৰে শিক্ষাৰ সৈতে জড়িত বৃত্তিটোৰ কথা খুব ধুনীয়াকৈ উপস্থাপন কৰিছিল। তেতিয়া মনতে ভাবিছিলোঁ, এদিন শিক্ষকতা কৰিম।মনৰ মাজত ৰোপণ কৰা সেই বীজটো এদিন পৰিপূৰ্ণ হৈ উঠিছিল আপোনাৰ অনুপ্ৰেৰণামূলক কথাখিনিৰ প্ৰভাৱতেই। যদিও দীৰ্ঘ সময়লৈকে শিক্ষাৰ ক্ষেত্ৰখনত জড়িত হৈ থকা নহ'ল,বুজিছিলোঁ শিক্ষা গ্ৰহণ কৰিবলৈ সহজ, কিন্তু বিলাবলৈ কঠিন। ছাত্ৰ-ছাত্ৰীৰ মনৰ মাজলৈ সোমাই যাব পৰাটোতেই আছিল আপোনাৰ বৰ্ণময় শিক্ষক বৃত্তিৰ সময়ছোৱাৰ উল্লেখযোগ্য সফলতাৰ মূল চাবিকাঠি। পত্ৰৰ দ্বাৰাই আজি আপোনাৰ সেই স্মৰণীয় দক্ষতাৰ বাবে প্ৰণাম যাচিলোঁ। এগৰাকী শিক্ষকৰ থাকিবলগীয়া একাগ্ৰতা, অধ্যৱসায়,কৰ্তব্যনিষ্ঠা,কৰ্মপ্ৰেৰণা আটাইবোৰ গুণৰ সমাহাৰেৰে আপুনি আমাৰ জীৱনত আনুষ্ঠানিক শিক্ষা জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ লোৱাৰ পৰা প্ৰভাৱ বিস্তাৰ কৰা এজোপা বটবৃক্ষ।    

DS          

         ছাৰ, শাৰীৰিক অসুস্থতাৰ বাবে যিসময়ত অন্য লোকৰ সহায় অবিহনে আপুনি উঠা-মেলা কৰাত অসুবিধা পাইছিল, তেনে এটা দিনতে আপুনি আমাৰ ঘৰলৈ আহিছিল।দেউতাৰ মৃত্যু সংবাদৰ পত্ৰখন পাই আপুনি এষাৰ মাত লগাবলৈকে আমাৰ কাষলৈ ঢপলিয়াই আহিছিল। প্ৰখৰ স্মৃতি শক্তিৰ অধিকাৰী আপুনি পাহৰি যোৱা নাছিল আমাৰ ঘৰখনৰ আপোনাৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম। আপোনাক কাষত পোৱাৰ পিছত এনে লাগিছিল দেউতাৰ মৃত্যুৰ প্ৰাপ্তি আৰু আমাৰ জীৱনৰ প্ৰাপ্তি হ'ল। আপোনাৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ শিৰত ল'বলৈ পোৱাটো ভাগ্য আমাৰ,কিয়নো ঠিক এমাহৰ পিছত আপুনিও জগতৰ ৰীতি মানি পৰলোকলৈ গতি কৰিলে।ছাৰ,চিঠি লেখাত ম‌ই পাৰদৰ্শী নহয়। এগৰাকী শিক্ষাৰ্থীয়ে শিক্ষাগুৰুলৈ চিঠি প্ৰেৰণ কৰিলে কেনেধৰণৰ বিষয় অৱতাৰণা কৰিলে পঢ়িবলৈ সুৰুচিপূৰ্ণ হ'ব অকণমানো আভাস নাই। তথাপি মৰসাহ কৰি আপোনাক আমি যিদৰে পাইছিলোঁ তাকেই থূলমূলকৈ লিখি পঠিয়ালোঁ।ভুলখিনি সামৰি ল'ব।পুনৰবাৰ আপুনি য'তে আছে কুশলে থকাৰ প্ৰাৰ্থনা কৰিছোঁ। সেৱা যাচিলোঁ আপোনালৈ। আপোনাৰ আশীৰ্বাদ আমাৰ শিৰত লৈয়ে অনাগত দিনবোৰ সফলভাৱে আগুৱাই যোৱাৰ আশাৰে আপোনালৈ লেখা পত্ৰখন সামৰিলোঁ।                                                   ‌        ইতি                                                                      আপোনাৰ                                                                  ছাত্ৰী                                                                অত্ৰেয়ী

Your Comments