অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ ২০২০ বৰ্ষৰ বাবা চাহেব বঁটা শিক্ষাবিদ ডঃ হৰেন চন্দ্ৰ দাসলৈ

Anususit

অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই ২০২০ বৰ্ষৰ বাবা চাহেব বঁটা প্ৰদান কৰিব শিক্ষাবিদ ডঃ হৰেন চন্দ্ৰ দাসক।অহা ৬ ডিচেম্বৰৰ দিনা আম্বেদকাৰৰ ৬৫ সংখ্যক মৃত্যু দিৱসত

গুৱাহাটীৰ দীঘলীপুখুৰী পাৰ্কত প্ৰদান কৰিব বঁটাটো।এই কথা সংবাদমেল যোগে ঘোষণা কৰিলে অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই।বঁটাত আছে ১০,০০০টকা,শৰাই, গামোচা আৰু মানপত্ৰ।

আম্বেদকাৰৰ মহাপ্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠানত তিতাবৰ বৰহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক চিদানন্দ দাসক কৃতী শিক্ষকৰ বঁটা আগবঢ়াব সংগঠনটোৱে।

উল্লেখ যে দিনজোৰা কাৰ্যসূচীৰে সংগঠনটোৱে অনুষ্ঠিত কৰিব আম্বেদকাৰৰ মহাপ্ৰয়াণ দিৱস।

গুৱাহাটী প্ৰেছ ক্লাবৰ সংবাদমেলত সংগঠনটোৰ হৈ উপস্থিত থাকে সভাপতি নৃপেন দাস, সম্পাদক নিত্যানন্দ দাস।

Your Comments