জানেনে বাৰু আপুনি মাজুলীৰ মুখাশিল্পৰ বিষয়ে?

Mukha

মাজুলীৰ অন্য এক আকৰ্ষণৰ স্থল হ’ল চামগুৰি সত্ৰৰ মুখাশিল্প ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখাশিল্পৰ জনক বুলি জনা যায় ৷ তেখেতে ভাওনাৰ বিভিন্ন চৰিত্ৰসমূহৰ মুখা তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছিল ৷ কেৱল সেয়ে নহয়, অন্যান্য চৰিত্ৰসমূহৰ বাহন যেনে গৰুড়, হংস আদিৰো নিৰ্মাণ নিজ হাতেৰে কৰি ভাওনাত ব্যৱহাৰ কৰিছিল ৷

Mukha

বাঁঁহৰ মিহি তমালেৰে মুখাৰ অৱয়বটো প্ৰস্তুত কৰি গোবৰ মাটিৰে লেপি মুখাখনৰ আকৃতি দিয়া হৈছিল ৷ শেষত বিভিন্ন ৰং বোলাই মুখাখন অধিক দেখনিয়াৰ কৰি তোলে ৷

Mukha

গুৰুজনাই আৰম্ভ কৰা এই মুখাশিল্পৰ পৰম্পৰা বৰ্তমানো চলি আছে এই চামগুৰি সত্ৰত ৷ বৰ্তমান সেই সত্ৰত সত্ৰীয়া সংস্কৃতিৰ শিক্ষাৰ লগতে এই মুখাশিল্পৰ প্ৰশিক্ষণো দিয়া হয় দূৰ-দূৰণিৰপৰা অহা প্ৰশিক্ষাৰ্থীক ৷

Your Comments