নলবাৰী জিলাৰ অ'বিবি শিক্ষকৰ ক্ষোভঃকুৰি বছৰে নিয়মীয়া নহ'ল চাকৰি

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ বহুচর্চিত অ'বিবি শিক্ষকসকলে আজি কুৰি বছৰ পাৰ হৈ যোৱাৰ পিছতো চাকৰী নিয়মীয়াকৰণৰ আশাত অপেক্ষা কৰি আজিও ৰৈ আছে ৷ ৰাজ্য চৰকাৰে ৬,৬৬৬ গৰাকী অ' বি বি শিক্ষকৰ   চাকৰী  নিয়মীয়া কৰণৰ  নিযুক্তিপত্র বিতৰন কৰিবলৈ লোৱাৰ সময়তে  নলবাৰী জিলাৰ অ'বিবি শিক্ষকসকল আতংকিত হৈ পৰিছে ৷ৰাজ্যখনৰ মুঠ ১৬ খন জিলাক সামৰি বিগত ২০০১ চনৰ বিধান সভা নির্বাচনৰ প্রাকমূহুর্তত তদানীন্তন অগপ চৰকাৰৰ শাসনৰ কালছোৱাত ৭,০৬৬ টা অবি বি শিক্ষকৰ পদত নিযুক্তি দিয়া হৈছিল ৷ জিলাখনৰ প্রাথমিক বিদ্যালয়ৰ পদত নিযুক্তি দিয়া হৈছিল ২৬৬ টা আৰু এম ই, এম ভিৰ  মঞ্জুৰিপ্রাপ্ত ১৩৫ টা পদৰ খালি পদৰ বিপৰীতে তদানীন্তন চৰকাৰৰ মন্ৰী চন্দ্ৰমোহন পাটোৱাৰী,ৰেখাৰাণী দাস বড়োৰ পৃষ্ঠপোষকতাত একাংশ মধ্যভোগী দুষ্টচক্রই পাইকাৰী হাৰত শিক্ষিত নিবনুৱা যুৱক — যুৱতী সকলৰ মাজত   নিযুক্তি পত্র প্রদান কৰিছিল ৷ এই নিযুক্তি প্রক্রিয়াত ব্যাপক দুর্নীতি,খেলি মেলি তথা অনিয়ম সংঘটিত হোৱাত তদানীন্তন শিক্ষা বিষয়াকে ধৰি দলিয় কেবাগৰাকী লোকক আটক কৰি নলবাৰী সদৰ আৰক্ষীয়ে সেইসকলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছিল৷ তাৰ পিছত পৰবর্তী কংগ্রেছ চৰকাৰে ২০০১ চনৰ ১২ জুলাইত নলবাৰী জিলাৰ প্রাথমিক বিদ্যালয়ৰ ৪,৫১০ গৰাকী আৰু মাধ্যমিকৰ ৪১৯ গৰাকী  অ, বি বি শিক্ষকৰ চাকৰীৰ নিযুক্তি বাতিল কৰিছিল ৷পাছত বৈধ বুলি দাবী কৰা নলবাৰীৰ অ, বি বি শিক্ষক সকলে গুৱাহাটী মহামান্য আদালতৰ দ্বাৰস্থ হোৱাত আদালতেও বৈধহোৱা সকলৰ চাকৰী নিয়মীয়াকৰণৰ বাবে চৰকাৰক নির্দেশ দিয়াৰ পাছতো  চাকৰী সমূহ নিয়মীয়াকৰন নহল ৷ চাওতে চাওতে আজি একুৰি বছৰ পাৰ হ 'ল যদিও নিযুক্তিপ্রাপ্ত অ, বি বি শিক্ষক সকল এটি আশাত বন্দী হৈ ৰৈ আছে কিজানি চাকৰী নিয়মীহৈ পুনৰ বিদ্যালয়লৈ যাব পাৰিব  বুলি ৷ইতিমধ্যে নিযুক্তি প্রাপ্ত বহু শিক্ষকৰ চাকৰীৰ বয়স উকলি গৈছে ,কিছুমান হয়তো বিভিন্ন কাৰনত মৃত্যু হৈ গৈছে ৷ তথাপিও মৰি মৰি বাছিথকা সকলে তেওলোকৰ বাবে পুনৰ সূর্য্য উদয় হোৱাৰ আশাতে আছে ৷ইফালে চৰকাৰে সেইবোৰ  লোকৰ কথা পাহৰি গৈছে ৷বর্তমান পৰিবর্তনকামী বিজেপি চৰকাৰখনে তেনেবোৰ লোকৰ কথা কাহানীও আৰু মনত পেলাব বুলি বিশ্বাস নহয় ৷ তথাপি বর্তমান অসমৰ শিক্ষামন্ৰী গৰাকী অতি কর্মঠ  আৰু দয়ালু গতিকে অ'বি বি শিক্ষক সকলৰ কথা এবাৰ ভাবিব বুলি ঘৰতে থকা অ, বি বি শিক্ষক সকলে আশা কৰি আছে ৷আৰু যদি  এইসকলৰ চাকৰী নিয়মীয়া কৰণ কৰে তেতিয়া হলে পৰিয়াল সমূহৰ মুখলৈ কিছু আশাৰ সঞ্চাৰ হব। 

Your Comments