"অহা পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মুকলি কৰা হ'ব প্ৰাথমিক বিদ্যালয়ৰ পাঠদান"-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

ৰাজ্যত ক'ৰ'না ভাইৰাছৰ পৰিৱেশ নিয়ন্ত্ৰণাধীন হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।অহা পহিলা জানুৱাৰীৰ পৰা নাৰ্ছাৰীৰ পৰা ষষ্ঠ শ্রেণীলৈ মুকলি কৰা হ'ব পাঠদান।উল্লেখ যে বৰ্তমান সপ্তম শ্রেণীৰ পৰা স্নাতক পৰ্যায়লৈকে ৰাজ্যত মুকলি কৰা হৈছে শিক্ষানুষ্ঠানসমূহ।এই কথা সোমবাৰে এক সংবাদমেল যোগে ঘোষণা কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

গুৰুত্বপূৰ্ণ যে পহিলা জানুৱাৰীৰ পৰা কিদৰে ক্লাছসমূহ আৰম্ভ হ'ব সেই সন্দৰ্ভত শিক্ষা বিভাগে এছপিঅ' প্ৰকাশ কৰিব।

জনতা ভৱনত সম্বোধন কৰা সংবাদমেলতে মন্ত্ৰী শৰ্মাই কয়-"অহা ১৫ ডিচেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিব পাৰিব হোষ্টেল সেৱা।"

ৰেচিডেন্সীয়েল বিদ্যালয়সমূহতো কেৱল চূড়ান্ত বৰ্ষৰ বাবে হোষ্টেলসমূহ মুকলি কৰিব পাৰিব।উল্লেখ যে হোষ্টেললৈ অহা ছাত্ৰ-ছাত্ৰীসকলে ক'ভিড পৰীক্ষা কৰাব লাগিব।

ইয়াৰ উপৰিও ১৫ ডিচেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষা বন্ধ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিদ্যালয় সমূহক আহ্বান জনায়।

গুৰুত্বপূৰ্ণ যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ক'ৰ'না ভাইৰাছৰ বাবে বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ।

Your Comments