"জাতিয়ে এগৰাকী মহানায়কক হেৰুৱাইছে,জাতিটো আজি আবেগিক"-ড: হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকত ম্ৰিয়মান একালৰ ঘনিষ্ঠ মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা।শৰ্মাৰ ৰাজনৈতিক জীৱনৰ মূল উত্থানত গগৈৰ অৱদান যথেষ্ট।

দীর্ঘদিন গগৈৰ সান্নিধ্য লাভ কৰা প্ৰভাৱশালী নেতাগৰাকীয়ে কয় -"এগৰাকী মহান নেতাৰ প্ৰস্থান।জাতিটো আজি আবেগিক।"

"১৯৯৭ চনৰ পৰা এটা দীৰ্ঘকালীন সম্পৰ্ক।তাত তিতা-মিঠা সকলোখিনি জড়িত হৈ আছে।কিন্তু ব্যক্তিগত কথাত নহয়"- লগতে তেওঁ কয়।

"জাতিৰ প্ৰতি মুখ্যমন্ত্ৰিত্বৰ কালচোৱাত থকা অৱদান জাতিয়ে সুুঁঁৱৰিব।ৰাজনৈতিক দিশত গগৈ ডাঙৰীয়াই জাতিটোৰ হকে বলিষ্ঠ সিদ্ধান্ত লৈছিল।জাতিটোৱে স্বভাৱিকতে মহানায়ক এজনক হেৰুৱাইছে"-শৰ্মাই কয়।

নৱগ্ৰহ শ্মশানতে গগৈৰ শেষকৃত্য সম্পন্ন কৰাৰ প্ৰস্তাৱ ৰিপুন বৰাই আগবঢ়াইছে।পৰিয়ালে যি বিচাৰে,সেই ইচ্ছা অনুসৰি চৰকাৰে তাকে কৰিব।পৰিয়ালে বৰাক দায়িত্ব দিছিল।গতিকে তেওঁলোকৰ সিদ্ধান্তক চৰকাৰে কাৰ্যকৰী কৰিব বুলিও শর্মাই কয়।

"নৱগ্ৰহ শ্মশানত ১০০০ মানুহ একেলগে বহিব পৰাকৈ ব্যৱস্থা কৰা হ'ব"-মন্ত্ৰীগৰাকীয়ে কয়।

Your Comments