প্রয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহ আজি কোন কোন স্থানলৈ নিয়া হ'ব জানি লওক

Tarun Gogoi

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা পোনে পোনে লৈ যোৱা হ'ব দিছপুৰৰ চৰকাৰী বাসগৃহলৈ।তাতে পৰিয়াল-আত্মীয়ই শেষ শ্ৰদ্ধা জনাব গগৈক।

তাৰ পিছতে জনতা ভৱনত অসম চৰকাৰে শেষবাৰলৈ শ্ৰদ্ধা জনাব ৰাজ্যৰ ৰাজনীতিৰ মহীৰূহগৰাকীক ।

জনতা ভৱনৰ পৰা গুৱাহাটী ৰাজীৱ ভৱনলৈ নিয়া হ'ব গগৈৰ নশ্বৰদেহ।তাতে কংগ্ৰেছৰ সতীৰ্থসকলে শেষবিদায় জনাব দলটোৰ জ্যেষ্ঠ নেতা গৰাকীক।ৰাজীৱ ভৱনত প্ৰায় এক-ডেৰ ঘণ্টা ৰাখি গগৈক ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰ বাবে লৈ যোৱা হ'ব গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ বাকৰিলৈ।অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ তাতে দুদিন ৰখাৰ পিছতে ২৬ নৱেম্বৰত শেষকৃত্য সম্পন্ন কৰা হ'ব।

ইফালে,তৰুণ গগৈৰ শেষকৃত্য গুৱাহাটীতে সম্পন্ন কৰা হ'ব বুলি উল্লেখ কৰিছিল যদিও বৰ্তমানলৈ চুড়ান্ত সিদ্ধান্ত হোৱা নাই।কিয়নো তিতাবৰবাসীয়ে প্রিয় ৰাজনীতিবিদগৰাকীৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা বাবে তিতাবৰলৈ অনাৰো আহ্বান জনাইছে।

Your Comments