প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিষয়ে পঢ়ক

Tarun Gogoi

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম হৈছিল ১৯৩৬ চনৰ পহিলা এপ্ৰিলত যোৰহাটৰ ৰঙাজান চাহ বাগিচাত।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ বলিষ্ঠ নেতা তথা ৰাজ্যৰ তিনিবাৰৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল গগৈ।

গগৈৰ শিক্ষা জীৱন আৰম্ভ হৈছিল ২৬নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত।পৰৱৰ্তী সময়ত তেওঁ যোৰহাট মাদ্ৰাছা,ভোলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু ১৯৪৯ চনত গগৈয়ে যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক উৰ্ত্তীণ হয়।

স্নাতক ডিগ্ৰী লাভ কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা।এলএলবি ডিগ্ৰী লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা।

১৯৭২ চনত গগৈয়ে ডলী গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ সাংসাৰিক জীৱনৰ পাতনি মেলিছিল।তেওঁৰ দুই সন্তান-কন্যা চন্দ্ৰিমা গগৈ আৰু সাংসদ গৌৰৱ গগৈ।

ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল জাতীয় কংগ্ৰেছৰ জৰিয়তে।যোৰহাট পৌৰ সভা মেম্বাৰৰ জৰিয়তে ৰাজনৈতিক জীৱন আৰম্ভ কৰা গগৈ।১৯৭১-৮৫ চনলৈ যোৰহাটৰ পৰা আৰু ১৯৯১-৯৬,১৯৯৮-২০০২ চনলৈ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল গগৈ।মুঠ ৬বাৰ সংসদলৈ নিৰ্বাচিত হৈছিল গগৈ।

সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ যুটীয়া সম্পাদক হিচাপে গগৈয়ে ১৯৭৬ চনত দায়িত্ব পালন কৰি ১৯৮৫-৯০চনলৈ সাধাৰণ সম্পাদক আছিল।কেন্দ্ৰীয় কেবিনেটতো স্থান লাভ কৰিছিল ১৯৯১-৯৬ চনলৈ।

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপেও মনোনীত হোৱা তৰুণ গগৈয়ে চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।প্ৰথম মাঘেৰিটা সমষ্টিৰ পৰা ১৯৯৬-৯৮ চনলৈ নিৰ্বাচিত হৈছিল।পৰৱৰ্তী সময়ত ২০০১ৰ পৰা ২০১৬ চনলৈ তিতাবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰীৰ গুৰু দায়িত্ব লৈ ৰাজ্যখনক নতুন মাত্ৰা প্ৰদান কৰিছিল।

দক্ষ ৰাজনীতিবিদ গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ।

ৰাজ্যৰ ৰাজনীতিৰ বিশিষ্ট নেতা গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যবাসীয়ে।

Your Comments