*ৰাজ্য চৰকাৰে তিনিদিন শোক পালন কৰিব*
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
"মোৰ পিতৃসম গগৈৰ মৃত্যুত মৰ্মাহত হৈছোঁ।তেখেতৰ সহজ- সৰল ব্যক্তিত্ব আৰু অক্লান্ত কৰ্মস্পৃহাই অসমৰে নহয়,দেশৰে ৰাজনীতিৰ পথাৰত এক শক্তিশালী চানেকি দেখুৱাইই থৈ গল"-এইদৰে কয় সোণোৱালে।
"অসমৰ ৰাজনীতিৰ বাবে এটা বৃহৎ ক্ষতি।ৰাজ্যৰ জনতাৰ মনত বেদনা দিছে।এগৰাকী মহান নেতা।উৰে জীৱন দেশৰ জনগণৰ স্বাৰ্থত কাম কৰি শক্তিশালী মূল্যবোধ প্ৰতিষ্ঠা কৰি গ'ল।পিতৃয়ে পুত্ৰক দিয়া আদেশৰ দৰে আমাক বহু সময়ত আদেশ দিছিল।মৰম দিছিল।মৰম- চেনেহৰ পৰা বঞ্চিত হলো।"-মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰে।
"তিনিদিন ৰাজ্যিক শোক পালন কৰিব ৰাজ্য চৰকাৰে।শেষ বিদায়ৰ সময়ত উপস্থিত থাকিম আমি"-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
"মই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ প্ৰাকমুহূৰ্তত আৰ্শীবাদ বিচাৰিছিলোঁ।ৰাজ্য চলোৱাত গাইড দিব লাগিব বুলি কওঁতে চিন্তা নকৰিবা বুলি কৈছিল"-সোণোৱালে কয়।
"কিছুদিনৰ আগতে দেখা কৰিবলৈ আহোঁতে গগৈয়ে হাঁহি হাঁহি ভাল পাইছোঁ বুলি কৈছিল"- লগতে তেওঁ কয়।
- Log in to post comments
- 67 views