প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান

Tarun Gogoi

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান।আজি বিয়লি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ গগৈৰ।গুৱাহাটী মেডিকেল কলেজৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ।

উল্লেখ যে দীর্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল গগৈ।চিকিৎসকে চেষ্টা চলাইছিল গগৈক সুস্থ কৰি তোলাৰ বাবে।কিন্তু শেষ মুহূৰ্তত বিফল হ'ল চিকিৎসক।

অসম ৰাজনীতিৰ এটা যুগৰ অৱসান।৮৪ বছৰ বয়সত সকলোকে কন্দুৱাই গুচি গ'ল গগৈ।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অসংখ্য গুণমুগ্ধই ভিৰ কৰিছে গগৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে।

এগৰাকী বিচক্ষণ ৰাজনীতিবিদ আছিল।অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল গগৈ।

Your Comments