বিজেপিৰ ওপৰত আস্থা হেৰাল নেকি?তিনিটা সমষ্টিত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী ঠিয় কৰাব একালৰ ভাতৃ সংগঠন অখিল ভাৰতীয় গণ সংঘই

গণ সংঘ

*ৰঞ্জিত দাসৰ বিৰুদ্ধে বিহালীত অৱতীৰ্ণ হ'ব ৰোগেশ্বৰ খান্দোৱাল*

অসমৰ বিজেপিৰ বিৰুদ্ধে ক্ষোভ একালৰ ভাতৃ সংগঠন অখিল ভাৰতীয় গণ সংঘৰ অসম ৰাজ্যিক সমিতি।বিজেপিৰ বিৰুদ্ধে '২১ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক সমিতিয়ে তিনি সমষ্টিত থিয় কৰাব নিজৰ প্ৰাৰ্থী।অখিল ভাৰতীয় গণ সংঘ,ৰাজ্যিক সভাপতি ৰোগেশ্বৰ খান্দোৱালে প্ৰকাশ কৰিলে ক্ষোভ।"বিজেপিয়ে অগপ-বিপিএফকলৈ চলি আছে,কিন্তু গণ সংঘক লৈ চলিবলৈ কি অসুবিধা।তাৰ বাবে প্ৰথমবাৰ আগন্তক নিৰ্বাচনত অখিল ভাৰতীয় গণ সংঘই বিজেপিৰ বিৰুদ্ধে প্ৰদান কৰিব নিজৰ প্ৰাৰ্থী।"এইদৰে কয় খান্দোৱালে।

বিজেপি দলে গণ সংঘক হাইজেক কৰি চলি আছে।পণ্ডিত দীনদয়াল-শ্যামা প্ৰসাদ মুখাৰ্জী আমাৰ নেতা,বিজেপি নহয় বুলিও ৰাজ্যিক সভাপতিগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

গুৰুত্বপূৰ্ণ যে আগন্তক নিৰ্বাচনত খান্দোৱালে চাহ জনজাতিৰ হৈ অখিল ভাৰতীয় গণ সংঘৰ ফালৰ পৰা অসম চৰকাৰৰ বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰুদ্ধে বিহালী সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব বুলি জানিবলৈ দিয়ে।

সমষ্টিটোৰ উন্নয়নত মন্ত্ৰী দত্ত ব্যৰ্থ হোৱা কথা উল্লেখ কৰি গণ সংঘৰ নেতা খান্দোৱালে কয়- "মন্ত্ৰী থকাৰ পিছতো বিহালী সমষ্টিত চাহ জনগোষ্ঠীৰ অধিকাংশ লোকৰ খাবলৈ নাই।শুবৰ বাবে বিচনা নাই।"পঁচা চাউল-আটা প্ৰদান কৰি অহা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বহুত ঘৰ আজি অসম্পূৰ্ণ হৈ থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

বৰ্তমান বিজেপিৰ সাংসদ পল্লৱ লোচন দাসক সমালোচনা কৰি তেওঁ কয়-"আমাৰ জনগোষ্ঠীৰ কলংকৃত নেতা।চাহ জনগোষ্ঠীয়ে তেওঁক নেতা বুলি নামানে।লক্ষ্মী ওৰাঙৰ বুকুত ভৰি থৈ জন্ম হৈছে তেওঁৰ।"

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিত লাফিকুলৰ হত্যা কথা কয় কিন্তু লক্ষ্মী ওৰাঙৰ কথা কিয় এবাৰো নকয়।চাহ বাগানৰ মানুহ বুলি আমাক বিজেপিয়ে গুৰুত্ব দিয়া নাই নেকি!

বিজেপিয়ে আঁচনিৰ ওপৰত আঁচনি আনিছে কিন্তু কোনো এখন আঁচনি সফল হোৱা দেখা নাপালোঁ।চাহ বাগিচাত স্কুল নিৰ্মাণৰ কথা কৈছে,বিজেপিয়ে কিন্তু পইচা কত পাব।মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ গাড়ীত তেল ভৰোৱা পইচা দিবলৈকে চৰকাৰৰ হাতত পইচা নাই- খান্দোৱালে লগতে কয়।
 
উল্লেখ যে বিহালীৰ উপৰিও পূব গুৱাহাটী আৰু বিহপুৰীত থিয় কৰাব সংঘই নিজাকৈ প্ৰাৰ্থী।

Your Comments