গুৱাহাটীৰ পৰ্যটনৰ অন্যতম কেন্দ্ৰ লাচিত ঘাট।দেশী-বিদেশী পৰ্যটক প্ৰতিমুহূৰ্ততে ব্যস্ত হৈ থকা গুৱাহাটীৰ ফাঁচী বজাৰৰ সমীপৰ মহাবাহুৰ বুকুত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখভাগৰ এতিয়া কৰ্দয্য পৰিৱেশ।যি সময়ত স্বচ্ছ ভাৰত আৰু নদী নিষ্কষণৰ বাবে কোটি কোটি টকা খৰচ কৰি 'নমামী ব্ৰহ্মপুত্ৰ'ৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি আহিছে,তেনে সময়ত খোদ গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটৰ পৰিৱেশ কালী পূজাৰ বিসৰ্জন দিয়া মূৰ্তিয়ে ম্লান কৰিছে।নদীৰপাৰতে পেলাই থোৱা হৈছে পূজা মূৰ্তি আৰু তাৰ আৱৰ্জনা।উল্লেখ যে দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰা হয় যদিও কালী পূজাৰ মূৰ্তি বিসৰ্জনৰ বাবে প্ৰশাসনে কোনো ব্যৱস্থা নকৰাৰ বাবে এই পৰিৱেশ হৈ পৰিছে।
গুৰুত্বপূৰ্ণ যে মূৰ্তি আৰু জাবৰ চাফা কৰাৰ বাবে মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে পৌৰ নিগমক নিৰ্দেশ দিব বুলি জানিবলৈ দিয়ে।
- Log in to post comments
- 9 views