বিটিচি নিৰ্বাচনৰ দিন ঘোষণা,পঢ়ি জানি লওক

Btc election

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা।ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰিছে বহু প্ৰত্যাশিত বিটিচি নিৰ্বাচনৰ দিন।

দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন।চলিত বৰ্ষৰ ডিচেম্বৰৰ ৭ আৰু ১০ তাৰিখত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।একেদৰে ১২ তাৰিখৰ দিনা ভোট গণনা অনুষ্ঠিত হ'ব।

উল্লেখ যে ৪০ টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ।

প্ৰথম পৰ্যায়ত অৰ্থাৎ ৭ ডিচেম্বৰত ওদালগুৰি আৰু বাক্সা জিলাত অনুষ্ঠিত হ'ব ভোটদান।১০ডিচেম্বৰৰ দিনা কোকৰাঝাৰ আৰু চিৰাং জিলাত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

উল্লেখ যে বৰ্তমান বিটিচি পৰিষদখন ৰাজ্যপালৰ অধীনত আছে।পূৰ্বতে ক'ৰ'নাৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰি শেষ মুহূূৰ্তত পিছুৱাই দিব লগা হৈছিল।

 ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা।এই কথা ৰাজ্যিক নিৰ্বাচনী বিষয়া আলোক কুমাৰে জানিবলৈ দিয়ে।

Your Comments