স্মাৰ্ট মহানগৰীত ১১জনকৈ ভুৱা সেনা গ্ৰেপ্তাৰ

Fake Army

গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি ভুৱা সেনা জোৱানৰ মুক্ত বিচৰণ।সদাব্যস্ত গুৱাহাটীৰ বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত আৰক্ষীৰ চকুত ধূলি দি ভুৱা সেনাৰ দলে কৰি গৈছিল ডিউটী।সোমবাৰে ৰাতি ভুৱা সেনাৰ দলটোক আজাৰা আৰক্ষীৰ চকুত ধৰা পৰাত গ্ৰেপ্তাৰ কৰে।

Fake Army

উল্লেখ যে ভুৱা সেনাৰ দলটোৰ নেতৃত্বত আছিল ধীমন কৃষ্ণ।ধৃত সেনাকেইজন হৈছে ক্ৰমে গণেশ দাস,সৌৰভ শৰ্মা,জয়মণি শৰ্মা,নয়নজ্যোতি গৌতম,বিজয় মণি শৰ্মা,দ্বিজেন শৰ্মা,ৰিপুঞ্জয় গোস্বামী,ৰূপম শৰ্মা,জ্ঞানন্দ দাস,কৌশিক ভূঞা।আটাইকেইজনৰে ঘৰ পাটাছাকুছি, বাইহাটা চাৰিআলি, নলবাৰী আৰু সৰ্থেবাৰীত।

প্ৰাপ্ত খবৰ অনুসৰি ভুৱা সেনাৰ দলটোৱে বৰঝাৰ বিমানবন্দৰত পেট্ৰ'লিং দিব আহিছিল সোমবাৰে।ধৃত লোককেইজন পৰা আজাৰা আৰক্ষীয়ে জব্দ কৰিছে এখন মাৰুতী ছুইফট, পাঁচখনকৈ মটৰ চাইকেলৰ লগতে কিছু ভুৱা আই কাৰ্ড।

আনহাতে,ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তই বৰ্তমান সময়লৈ মুখ খোলা নাই।

Your Comments