বিপিএফৰ দুই নেতা বিশ্বজিৎ-ইমানুৱেলৰ বিজেপিত যোগদানৰ দিন চূড়ান্ত,জানি লওক

Biswajit Daimari

বিপিএফৰ জ্যেষ্ঠ নেতা তথা সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিজেপিত যোগদানৰ দিন চূড়ান্ত।অহা ২২ নৱেম্বৰত বিপিএফৰ সাংসদগৰাকীয়ে যোগদান কৰিব বিজেপিত।ইতিমধ্যে দৈমাৰীয়ে বিপিএফ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ যে উক্ত দিনা তামুলপুৰৰ এখন নিৰ্বাচনী সভাত গেৰুৱা বসন পিন্ধিব ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।

ইফালে,উক্ত দিনাই বিপিএফৰ বিধায়ক ইমানুৱেল মোচাহাৰীয়েও যোগ দিব বিজেপিত।

বিজেপি দলৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপি দলত যোগ দিব বিপিএফৰ দুয়োগৰাকী নেতাই।

Your Comments