তদন্ত অব্যাহত থকাৰ মাজতে ২২ নৱেম্বৰত এছআই পৰীক্ষা:আজিৰেপৰা এডমিট কাৰ্ড উপলব্ধ,জানি লওক

SI

অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ এডমিট কাৰ্ড আজিৰে পৰা উপলব্ধ হ'ব।অসম  আৰক্ষী নিযুক্তি বৰ্ডৰ ৱেবচাইটwww.slprbassam.inত প্ৰকাশ পাব প্ৰাৰ্থীসকলৰ এডমিট কাৰ্ড।উল্লেখ যে যোৱা ২০ ছেপ্টেম্বৰত প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছিল পৰীক্ষা।

গুৰুত্বপূৰ্ণ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব এছআই বাছনি পৰীক্ষা।ৰাজ্যৰ ১৩০ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব লগা নিযুক্তি পৰীক্ষাত  অৱতীৰ্ণ হ'ব ৯০,৫৮৮ গৰাকী  প্ৰাৰ্থী।দেওবাৰে দিনৰ ১২ বজা পৰা বিয়লি ২বজালৈ অনুষ্ঠিত হ'ব পৰীক্ষা।

তাৎপৰ্যপূৰ্ণ যে ২০ছেপ্টেম্বৰৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত চলি থকাৰ মাজতে পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব।ইফালে ধনৰ বিনিময়ত এছআই চাকৰি ক্ৰয় কৰিব বিচৰা প্ৰাৰ্থীসকল ২২ নৱেম্বৰৰ পৰীক্ষাত পুনৰ অৱতীৰ্ণ হ'ব নেকি,তাক লৈ সচেতন মহলত চৰ্চা আৰম্ভ হৈছে।যিহেতু তদন্ত বৰ্তমানো সম্পূৰ্ণ হোৱা নাই।কোন প্ৰাৰ্থীয়ে ধনৰ বিনিময়ত পূৰ্বৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেয়া পৰিস্ফুট হোৱা নাই বুলিও একাংশই অভিযোগ উত্থাপন কৰিছে।

Your Comments