সাংবাদিক পৰাগ ভূঞাৰ মৃত্যু এটা ৰাজনৈতিক হত্যাকাণ্ড-অদীপ কুমাৰ ফুকন,এজেপি আহ্বায়ক

AJP

*সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ তদন্ত চিবিআই বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশক অৰ্পণ কৰিবলৈ লাগে-এজেপি*

কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ পৰিকল্পিত হত্যাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ মৌন প্ৰতিবাদ।গুৱাহাটীৰ ৰটাৰী ক্লাবত এজেপি কর্মীসকলে মুখত ক'লা কাপোৰ বান্ধি মৌন অৱস্থান ধৰ্মঘট পালন কৰে।

সাংবাদিক হত্যাকাৰী হুচিয়াৰ,মুখ্যমন্ত্ৰী মহোদয় কিমানজন পৰাগক হত্যা কৰিব, সাংবাদিক পৰাগ ভূঞাৰ পৰিকল্পিত হত্যাৰ বিচাৰ লাগে আদি বিভিন্ন শ্লো'গান সমৃদ্ধ প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।

মৌন প্ৰতিবাদত অংশগ্ৰহণ কৰি এজেপিৰ আহ্বায়ক অদীপ কুমাৰ ফুকনে কয়-"অসমৰ সংবাদজগতৰ সাংবাদিক আৰু মফচলীয় সাংবাদিকসকলে সদায় জনগণৰ পক্ষত থাকি অসমৰ উন্নতি হকে কাম কৰি আহিছে।তাকে চৰকাৰে ভয় কৰে।২৪ বছৰৰ আগতে পৰাগ দাস হত্যাৰ পৰা আজি পৰাগ ভূঞা হত্যাকাণ্ড  সম্পূৰ্ণ ৰাজনৈতিক হত্যাকাণ্ড।চৰকাৰৰ দুৰ্নীতি,অন্যায়,সাম্প্ৰদায়িক,জনবিৰোধী নীতি উদঙাই দিয়াৰ বাবে সাংবাদিকক তেওঁলোকে ভয় কৰে।"

কাকপথাৰত থাকি সাংবাদিক ভূঞাই সমগ্ৰ ছিণ্ডিকেট ব্যৱস্থা উদঙাই দিছে।কাৰণ ছিণ্ডিকেট চলে দিছপুৰ আৰু দিছপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা।অসমত কয়লা ছিণ্ডিকেট মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা চলি আছে।কয়লা ছিণ্ডিকেট বন্ধ কৰাৰ বাবে যিয়ে কলম লয় বা জনতাৰ আগত তুলি ধৰে, তেতিয়া বিভিন্ন ধৰণেৰে অত্যাচাৰ কৰা হয়। যিটো অতি হতাশজনক বুলিও আহ্বানয়ক ফুকনে কয়।


মৌন প্ৰতিবাদস্থলীৰ পৰা অসমৰ সংবাদ মাধ্যমলৈ অভিনন্দন জনাই  ফুকনে কয়- "যথেষ্ট কষ্টৰ মাজেৰে অসমৰ সংবাদ মাধ্যমে ৰাইজৰ পক্ষত থাকি কাম কৰিছে।ৰাষ্ট্ৰৰ বহু সাংবাদিকে আপোচ কৰিছে,কিন্তু অসমৰ সংবাদ মাধ্যমে সঁচা অৰ্থত জনগণৰ পক্ষত সাংবাদিকতা কৰি আছে।যাৰ বাবে চৰকাৰে ভয় কৰে তেওঁলোকক।"

আজি ৰাজপথত হত্যা কৰিছে।তেওঁলোক ইমানেই সাহসী হৈছে কাইলৈ ঘৰৰ ভিতৰত সোমাই সাংবাদিকক হত্যা কৰিবসেই কথা ব্যক্ত কৰি জাতীয় পৰিষদৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাই ফুকনে কয়-"গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যদি চৰকাৰে ৰক্ষা কৰিবলৈ নোৱাৰে আৰু সংবাদকর্মীসকলক দুষ্ট চক্ৰৰ পৰা যদি নিৰাপত্তা দিবলৈ নোৱাৰে, তেন্তে ক'বলৈ বাধ্য হ'ম চৰকাৰ,দুষ্টচক্ৰ আৰু ছিণ্ডিকেটৰাজ সকলো একেলগে অসমৰ সংবাদজগতখনৰ বিপৰীতে থিয় হৈছে।"

ইফালে,মৃত্যুৰ তদন্ত চিআইডিক অৰ্পণ কৰিবলৈ ১৩ঘণ্টা লাগিল কিয়?দুৰ্ঘটনা সংঘটিত কৰাৰ সময়ত তাৎক্ষণিকভাৱে সন্মুখৰ আৰক্ষী থানাখনে ব্যৱস্থা নকৰিলে কিয় বুলিও প্ৰশ্ন কৰে ফুকনে।মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহ বিভাগে কোনো ধৰণ ব্যৱস্থা লোৱা নাই বুলি গুৰুতৰ অভিযোগ তুলি তেওঁ কয়-"ঘটনাটো এটা ৰাজনৈতিক হত্যাকাণ্ড।ঘটনা গাপ দিয়াৰ বাবে চিআইডিক দায়িত্ব দিয়া হৈছে।"

এজেপিৰ দাবী-"চিবিআইক দায়িত্ব দিব লাগে সমগ্ৰ তদন্তৰ নতুবা উচ্চতম বা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত এজনীয়া ন্যায়াধীশৰ দ্বাৰা ঘটনা তদন্ত কৰাব লাগে।"

বৈদ্যুতিন মাধ্যম প্ৰতিদিন টাইমৰ কাকপথাৰৰ সাংবাদিক ভূঞাই কয়লা-কাঠ-গৰুৰ চোৰাং ব্যৱসায় আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে বিভিন্ন সময়ত শক্তিশালী ৰূপত বাতৰি পৰিৱেশন কৰি আহিছিল।

Your Comments