*"সর্বাদাক ভাইটী পৰাগে ভাল পাইছিল, মুখ্যমন্ত্ৰীৰ উপৰি অতীতৰ সম্পৰ্ক মনত পেলাই তদন্ত কৰিলে নিৰপেক্ষ হ'ব বুলি ভাবোঁঁ"*
সাংবাদিক ভাতৃ পৰাগ ভূঞাক হেৰুৱাই শোকত ম্ৰিয়মান প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা।ভাতৃৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়কগৰাকীয়ে ।সংবাদ মাধ্যমৰ সন্মুখত ভাতৃৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই তেওঁ কয়-"সাধাৰণ দুৰ্ঘটনা নহয়,মোৰ ভাতৃক নিখুঁত পৰিকল্পিতভাৱে হত্যা কৰা হৈছে।"
"ভাতৃ হিচাপে ভালকৈ জানো সৎ আৰু নিৰ্ভীকভাৱে সাংবাদিকতা কৰি নিজৰ দায়িত্ব পালন কৰিছিল সি।আমাৰ অঞ্চলত চলি থকা বহু অবৈধ (কাঠ-কয়লা-গৰু) চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে সদায় বাতৰি পৰিৱেশন কৰিছিল।তেনে ব্যৱসায়ৰ লগত জড়িত থকা বহুতে ফোনেৰে যোগাযোগ কৰি ভাইটীক বুজাবলৈ কয়।বুজালে সি সাংবাদিকতাৰ ধৰ্ম পালন কৰা বুলি মোক উত্তৰ দিয়ে"-ভূঞাই মন্তব্য কৰে।
ভাতৃৰ মৃত্যুৰ পিছতে ককায়েক জগদীশ ভূঞাৰ দাবী-"অবৈধ ব্যৱসায়ী চক্ৰই দীৰ্ঘদিনীয়া পৰিকল্পনাৰে তাক হত্যা কৰিলে।"হত্যাৰ সৈতে ডাঙৰ শক্তি জড়িত থকা বুলি কয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
চৰকাৰক দাবী জনাই প্ৰাক্তন মন্ত্ৰী ভূঞাই কয়-"মোৰ ভাতৃৰ ৰহস্যজনক মৃত্যুৰ সন্দেহৰ বৃত্তত যিমানবোৰ বিষয় অন্তৰ্ভুক্ত হৈছে বা দিশ সন্দেহৰ আৱৰ্তলৈ আহিছে,সেই সকলোবোৰ বিষয়ৰ ওপৰত দৃষ্টি ৰাখি তদন্ত আগবঢ়াব লাগে।"
"আৰক্ষীয়ে নিৰপেক্ষ তদন্ত যদি কৰে অথবা তদন্তত ৰাজনীতিৰ হস্তক্ষেপ নাথাকে,তেন্তে অসম আৰক্ষীয়েও দোষীক চিনাক্ত কৰিব পাৰিব।কিন্তু ৰাজনৈতিক হস্তক্ষেপ থাকিলে চিআইডি নহয়,চিবিআইয়েও উলিয়াব নোৱাৰিব দোষীক।সকলো দিশ নিৰ্ভৰ কৰিব তদন্তৰ নিৰপেক্ষতাৰ ওপৰত"-এইদৰে মন্তব্য কৰে ভূঞাই।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুবাৰকৈ ফোনেৰে যোগযোগ কৰি কথা দিছে-"পৰাগ মোৰ ভাই হয়।তাৰ মৃত্যুত জড়িত থকা কোনো আঁৰৰ শক্তি বাচি যাবলৈ নোৱাৰিব।"গতিকে, মুখ্যমন্ত্ৰীৰ ওচৰত বিশ্বাস আছে,কাৰণ সর্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ বাহিৰে পাৰিবাৰিক সম্পৰ্ক আছে আমাৰ সৈতে।সর্বাদা লগত আমাৰ পৰিয়ালটোৰ এক দীঘলীয়া ইতিহাস আছে।সৰ্বাদাই যদি অতীতলৈ ঘূৰি চায় মই ভাবো ভাইটিয়েও বহুত ভাল পাইছিল।খুব নিবিড় ঘনিষ্ঠ সম্পৰ্ক আছিল ।সর্বাদাই মুখ্যমন্ত্ৰী হোৱাৰ উপৰি যদি সেই দৃষ্টিৰে মনত পেলায়,মই ভাবোঁ তদন্ত নিৰপেক্ষভাৱে কৰিব আৰু কৰিলে ভাল পাম"- ভূঞাই কয়।
উল্লেখ যে বুধবাৰে ঘৰৰ সন্মুখতে এখন তীব্রবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যু হৈছিল সাংবাদিকগৰাকীৰ।
- Log in to post comments
- 52 views