অসম আৰক্ষীৰ আগত আনুষ্ঠানিক আত্মসমৰ্পণ দৃষ্টি ৰাজখোৱাসহ চাৰি সতীৰ্থৰ,কোন কোন জানি লওক

Dristi Rajkhowa

আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিলে আলফা(স্বা)ৰ উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাসহ চাৰি সতীৰ্থই।বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰক্ষীৰ ওচৰত জমা দিছে দৃষ্টি আৰু চাৰি সতীৰ্থই।

মোবাইল ফোন ৪টা আৰু ১১খন চিম কাৰ্ড জমা দিছে আৰক্ষীক।সংবাদমেল যোগে জনালে আৰক্ষীৰ শীৰ্ষ বিষয়াই।

দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণে শান্তি আলোচনাত যথেষ্ট সহায় কৰিব।এই আত্মসমৰ্পণে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হিংসাৰ পৰিৱেশ আঁতৰোৱাত সহায় কৰিব।অসম আৰক্ষীৰ বিষয়া হীৰেন নাথে এইদৰে কয়।আইন-শৃংখলাৰ বাবে দৃষ্টি দীর্ঘদিনৰ পৰা ভাবুকি আছিল বুলিও তেওঁ লগতে কয়।মুখ্যমন্ত্ৰীৰ সন্ত্ৰাসমুক্ত অসম আগবঢ়াই নিয়াত অধিক সহায় হ'ব।

উল্লেখ যে আত্মসমৰ্পণকাৰী অন্যান্যসকল হৈছে ৰূপজ্যোতি ৰাভা ওৰফে অসম (২৪), য়াচিম আলী ওৰফে অসম(২৮), মিথুন অসম(২৫) আৰু ৰাহুল হাজৰিকা।

Pic

আত্মসমৰ্পণৰ সময়ত একে ৮১ এটা,পিষ্টল দুটা, ৱাকিটকী এটা, দূৰবীন, বোমা নিৰ্মাণৰ সামগ্ৰী আৰক্ষীৰ ওচৰত জমা দিছে।

ইফালে আত্মসমৰ্পণ বাবে ৰাজ্যিক পুলিচ,সেনা,পেৰা মিলিটেৰী,বিএছএফ, কেন্দ্ৰীয় চোৰাংচোৱা-সকলোৰে সক্ৰিয় সহযোগ আছে।

ইফালে আইনৰ গণ্ডী বাহিৰত থকাসকলক আহ্বান জনাই আৰক্ষী বিষয়া নাথে কয়- "আলোচনাৰ মেজলৈ আহক।আলোচনাৰ জড়িয়তে সমাধান কৰিবলৈ নোৱাৰা আমাৰ কোনো সমস্যা নাই।"

Your Comments