সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ পৰিয়ালৰ

Parag Bhuyan

মৃত্যুৰ সৈতে যুঁঁজ দি অৱশেষত হাৰ মানিলে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাই।বৈদ্যুতিন চেনেল 'প্ৰতিদিন টাইম'ৰ কাকপথাৰৰ সাংবাদিক হিচাপে কৰ্মৰত ভূঞাক বুধবাৰে ঘৰৰ সন্মুখত এখন অচিনাক্ত বাহনে খুন্দিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল।

উল্লেখ যে প্ৰাক্তন মন্ত্ৰী তথা অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক জগদীশ ভূঞাৰ ভাতৃ আছিল মৃত পৰাগ ভূঞা।

ইফালে সাংবাদিকগৰাকীৰ মৃত্যুক পৰিকল্পিত হত্যাৰ সন্দেহ কৰিছে পৰিয়াল তথা ৰাজ্যবাসীয়ে।কাৰণ বিভিন্ন সময়ত চোৰাং কয়লা-কাঠ ব্যৱসায়ী বিৰুদ্ধে বাতৰি পৰিৱেশন কৰি আহিছিল।প্ৰভাৱশালী ব্যক্তিৰ দুৰ্নীতি উদঙাই দিছিল সাংবাদিকগৰাকীয়ে।

আনহাতে,দুৰ্ঘটনা সংঘটিত কৰা বাহনখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত তিনিচুকীয়া আৰক্ষীয়ে কিছু সময় পূৰ্বে জব্দ কৰিছে।

চালক জেমচ মূঢ়া আৰু সহায়ক  বাবা বৰদলৈ সৈতে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS 23 BC- 7881।

Your Comments