হাগ্ৰামাৰে কিয় সম্পৰ্ক ছেদ কৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে,পঢ়ি জানক

Biswajit Daimari

বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপিএফত মোখ্যম আঘাত।হাগ্ৰাম মহিলাৰীৰে সম্পৰ্ক ছেদ বিপিএফৰ ৰাজ্যসভাৰ একমাত্ৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ।

বুধবাৰে বিপিএফৰ পৰা পদত্যাগ কৰা বুলি সংবাদমেলৰ জৰিয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰি সাংসদ দৈমাৰীয়ে কয়-"স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈ যাবলৈ ওলাইছোঁ।আঞ্চলিক শক্তি বিপিএফত লাভ কৰা জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় দল বিজেপিত যোগদান কৰিম।"

উল্লেখ যে কেইদিনমান পূৰ্বে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দৈমাৰীয়ে বিজেপিত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল।

গুৱাহাটীৰ এখন হোটেলত সম্বোধন কৰা সংবাদমেলত দৈমাৰীয়ে কয়-"হাগ্ৰামাৰ সৈতে কোনো সংঘাত নাই।কিন্তু দলৰ কাম-কাজক লৈ দ্বিমত আছে।দলৰ থকা ইচ্ছা শেষ হৈছে।"

সময় আৰু পৰিস্থিতিয়ে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা বুলি উল্লেখ কৰি সাংসদ দৈমাৰীয়ে কয়-"মোৰ বিৰুদ্ধে বিপিএফৰ যাৰ যি ক'ব লগা আছে ক'ব পাৰে।গালি দিবলৈ হ'লেও দিব পাৰিব।"

পদত্যাগৰ কথা ঘোষণা কৰি বিশ্বজিৎ দৈমাৰীয়ে বিপিএফৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাই কয়-"বড়ো চুক্তি ৰূপায়ণ কৰাত বাধা প্ৰদান কৰিছে।বড়ো আৰু অবড়োৰ সংঘাতৰ কোনো সমাধান নহ'ল।উন্নয়নমূলক কামত বাধা দিয়াটো চলি আছে বিটিচিত।বিগত পাঁচ বছৰত কেৱল অফিচ-কাছাৰী নিৰ্মাণত ব্যস্ত থকা হ'ল,তাৰ বাহিৰে কোনো উন্নয়ন নহ'ল।

বুঢ়াকালত বিটিচিবাসীৰ বদনাম যাতে শুনিব লগা নহয়,তাৰ বাবে বিপিএফ ত্যাগ কৰা কথা কয় দৈমাৰীয়ে।

গুৰুত্বপূৰ্ণ যে বিপিএফ ত্যাগ কৰাৰ সমান্তৰালকৈ আইনৰ নিয়ম অনুসৰি ৰাজ্যসভাৰ সাংসদ পদো ত্যাগ কৰিব দৈমাৰীয়ে।

ইফালে,বিশেষ সূত্ৰৰ খবৰ মতে আগন্তক পৰিষদীয় নিৰ্বাচনত বিশ্বজিৎ দৈমাৰীক বিজেপিয়ে বিটিচি চীফ হিচাপে থিয় কৰাব।

Your Comments