"হিমন্ত মোৰ সৰু ভাই,তাৰ নাম নলওঁঁ,বিজেপি ধ্বংস কৰা লাইনত লাগিছে"-আজমল

আজমল

*হিমন্তই শিক্ষামন্ত্ৰীৰ মৰ্যাদা ৰাখক,ঠেংগা দেখুৱাবলৈ লাজ পাবলৈ লাগিছিল-আজমল*

তুংগত উঠিছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলৰ মুখ চুপতি ৰাজনীতি।এআইইউডিএফ প্ৰধানগৰাকীক মঙলবাৰে মন্ত্ৰী হিমন্তই ঠেংগা দেখুওৱাৰ পিছত বুধবাৰে প্ৰত্যুত্তৰ দিয়ে আজমলে।তেওঁ কয়- "শিক্ষামন্ত্ৰীৰ মৰ্যাদা ধৰি ৰাখক।দায়িত্বশীল পদত থাকি ঠেংগা দেখুৱাবলৈ লাজ পাবলৈ লাগিছিল।"

হিমন্ত মোৰ সৰু ভাই।তাৰ নাম নলওঁঁ বুলি কটাক্ষ কৰি সাংসদগৰাকীয়ে কয়-"সি আজিকালি বহুত মানসিক অশান্তিত ভুগিছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হৈ থাকিব বুলি ৰাম মাধৱে ইতিমধ্যে ঘোষণা কৰি দিছে।"

"শিলচৰৰ আজিজ খানৰ ঠাইত পাকিস্তান কৰি মন্ত্ৰী শৰ্মাই সমৰ্থন আদায় কৰিম বুলি ভাবিছিল।কিমান সমৰ্থন কৰিলে ৰাইজে দেখিলে।কেৱল দুই চামছা জয়ন্ত মল্ল বৰুৱা আৰু পীয়ূষ হাজৰিকাৰ বাহিৰে বাকী সকলো মনে মনে থাকিল"- ধুবুৰীৰ সাংসদগৰাকীয়ে কয়।

গুৱাহাটী প্ৰেছ ক্লাবৰ এখন গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নত আজমলে বিস্ফোৰণ ঘটাই কয়-"হিমন্তই বিজেপিক ধ্বংস কৰাৰ লাইনত লাগিছে।মহাজোঁটৰ চৰকাৰ হ'লে কলাক্ষেত্রত আজি মুখ্যমন্ত্ৰীয়ে মিটিং কৰা স্থানত আমিও এশবাৰ কৰিম।"

উল্লেখ যে '২১ত বিজেপিক পৰাস্ত কৰাৰ বাবে ভোট বিভাজন হ'ব নালাগে।ভোট বিভাজন হ'লে বিজেপিৰ লাভ হ'ব বুলিও সাংসদ আজমলে কয়।

Your Comments