*গান-নাচ,টায়াৰ জ্বলোৱা প্ৰতিবাদলৈ দিল্লীয়ে ভয় নকৰে-বৰা*
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা অসমবাসীক উপলুঙা অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰাৰ।স্বতঃস্ফূৰ্তভাৱে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজে গঢ়ি তোলা প্ৰতিবাদক গান-নাচ আৰু টায়াৰ জ্বলোৱা আন্দোলন আখ্যা। আন্দোলনটোত অংশগ্ৰহণ কৰা গৰিষ্ঠসংখ্যক লোকৰ চেহেৰা,কথা-বতৰা কংগ্ৰেছ-এআইডিইউএফৰ বুলি বৰাই কটাক্ষ কৰে।লগতে কয় যে সম্পত্তি বিনষ্ট কৰাত তেওঁলোকে জড়িত।দলৰ মুখ্য কাৰ্যালয়ত এটা যোগদান অনুষ্ঠানত উপস্থিত থাকি সভাপতি বৰাই আৰু কয়-'"কা বাতিলৰ বাবে গান-নাচ,ৰাস্তাত টায়াৰ জ্বলাই কেন্দ্ৰীয় চৰকাৰক সৈমান কৰিবলৈ নোৱাৰি।দিল্লীয়ে কেৱল ৰাজনৈতিক পৰিৱৰ্তনলৈ ভয় কৰ। আইন-আদালতৰ কথা জানিও একাংশই আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ বাবে আন্দোলন কৰিছিল।অসম চুক্তিৰ আত্মাস্বৰূপ ছয় নং দফা ৰূপায়ণ কৰাৰ স্বাৰ্থত বিজেপিৰ লগত মিত্ৰতা কৰিছোঁ।এককভাৱে চৰকাৰ গঠন কৰাটো সম্ভৱ নহয়"।অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ হ'লে অগপক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কিয় বুলিও নৱ-গঠিত আঞ্চলিক দললৈ প্ৰশ্ন উত্থাপন কৰে বৰাই।তেওঁ কয়-"অগপলৈ ভাল দিন আহিব।আৱেগ নহয় যুক্তিৰে আগবাঢ়িব লাগিব।"
- Log in to post comments
- 11 views