"নিজ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থকাৰ পিছতো ব্যাপক দুৰ্নীতি সংঘটিত হৈছে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদত।পৰিষদৰ মূখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীয়ে চৰকাৰী সকলো নিয়ম ভংগ কৰি,গণতান্ত্ৰিক প্ৰমূল্যক বিসৰ্জন দি পৰিষদৰ উন্নয়ন স্থবিৰ কৰি উন্নয়নৰ পুঁজি মোটা অংশ আত্মসাৎ কৰি দুৰ্নীতিৰ পোহাৰ মেলিছে"-এই বিস্ফোৰক অভিযোগ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰীৰ।
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সোণোৱাল কছাৰী বহুকেইটা জাতীয় সংগঠনে যৌথভাৱে সংবাদমেলৰ জৰিয়তে পৰিষদত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।সংগঠনকেইটাৰ অভিযোগ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সম্পত্তিৰ পাহাৰ গঢ়িছে।
সাধাৰণ কৃষকৰ পৰিয়ালৰ পৰা পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য হোৱা মাক্ৰাৰীয়ে দুবছৰ সম্পূৰ্ণ নৌহওঁতেই ডিব্ৰুগড় চহৰৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সমীপতে কোটি টকা ব্যয় কৰি অট্টালিকা নিৰ্মাণৰ লগতে ২নং খোৱাঙত নিৰ্মাণ কৰা নিজা লাখ টকীয়া ভৱনৰ ধনৰ উৎসৰ চিবিআইৰ জৰিয়তে তদন্ত কৰাৰ দাবী জনায়।
সংগঠনকেইটাই সংবাদমেলত দিয়া তথ্য অনুসৰি ২০১৬ চনত পৰিষদৰ তদানীন্তন প্ৰধান সচিবে টিনপাট দিয়াৰ বাবে ঠিকাদাৰ চন্দ্ৰমণি হাজৰিকাক দায়িত্ব দিয়ে।নিয়ম অনুসৰি ৬,৫৩৬ বান্দীল "ৰাইন' ব্ৰেণ্ড" ৯ফুট দৈৰ্ঘ্যৰ ০.৫০ মি:মি গাঢ়তাৰ হ'ব লাগে।কিন্তু ঠিকাদাৰগৰাকীয়ে হিতাধিকাৰীক টিনপাত বিতৰণ কৰে পাতল আৰু ০.৩৫ মি:মি: গাঢ়তাৰ।
গুৱাহাটীৰ সোণাইঘূলিত সোণোৱাল ভৱন নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰপৰা পঞ্চাশ লাখ টকাৰ অনুমোদন দিছিল।মুখ্য কাৰ্যবাহীগৰাকীয়ে সেই পুঁজি আত্মসাৎ কৰাৰ বাবে সমুদায় ধন পৰিষদৰ অধীনলৈ লৈ যোৱা বুলি সংবাদমেলত ৰতন কছাৰীয়ে কয়।
উল্লেখ যে সংগঠনকেইটাৰ দাবী ১০ লাখ জনসংখ্যা আছে সোণোৱাল কছাৰী জনগোষ্ঠীত।যদি ঘটনাৰ উচিত তদন্ত নহয়,তেন্তে আগন্তুক নিৰ্বাচনত বিজেপিয়ে ফল ভুগিব লাগিব।
- Log in to post comments
- 16 views